Site icon Guwahati Times

অৱশেষত মুকলি আকাশৰ তললৈ ৰাকেশ পাল

৬ বছৰ ৪ মাহ কাৰাগাৰত থকাৰ পিছত মুকলি আকাশ তললৈ ৰাকেশ পাল। অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ মূল অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ জামিন অৱশেষত মঞ্জুৰ কৰে আদালতে। অৱশ্যে পালে নিজে জনোৱা মতে, আদালতে কিছু চুক্তি সাপেক্ষে তেওঁক জামিন দিছে।

কাৰাবাস জীৱনৰ বিষয়ে উল্লেখ কৰি পালে কয়- কেন্দ্ৰীয় কাৰাগাৰত বহু উন্নয়ন মূলক কাম কৰাৰ সুযোগ পালোঁ। কাৰাগাৰত নামঘৰ, পাৰ্ক আদি বনোৱাৰ সুবিধা পালোঁ। জেলৰ অভিজ্ঞাত ভাল, মন্দিৰ বনাইছোঁ, সৎসংগ বিহাৰ বনাইছোঁ, গানৰ স্কুল বনাইছোঁ।”

তেওঁ লগতে কয়- মই এতিয়ালৈকে দোষী প্ৰমাণিত হোৱা নাই। তেওঁক সোধা হৈছিল যিটো কেলেংকাৰিত তেওঁক অভিযুক্ত কৰা হৈছিল তাত আন কোনো লোক জড়িত আছে নেকি? পালে সেই কথা কোৱাৰ পৰা বিৰত থাকে।

Exit mobile version