আজি সমগ্ৰ দেশতে কৰৱা চৌথ ব্ৰত উদযাপন কৰা হৈছে। উৎসৱৰ বতৰত গুৱাহাটীকে ধৰি সমগ্ৰ দেশতে LPGৰ মূল্য বৃদ্ধি পাইছে।
জানিব পৰা মতে, গুৱাহাটীত ১৯ কিলোগ্ৰাম বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১০৩ টকা বৃদ্ধি পাইছে।
আজি ১ নৱেম্বৰৰ পৰা LPGৰ মূল্য বৃদ্ধি হোৱাৰ ফলত গুৱাহাটীত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ২,০৩৫ টকা হৈছে।
উল্লেখ্য যং, অক্টোবৰ মাহত ইয়াৰ মূল্য ১,৯৩২ টকা আছিল। এই মূল্য ছেপ্তেম্বৰৰ তুলনাত ২০৬ টকা বৃদ্ধি পাইছিল। অৰ্থাৎ ছেপ্তেম্বৰ মাহত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১,৭২৬ টকা আছিল, যি অক্টোবৰত ২০৬ টকা বৃদ্ধি হৈ ১,৯৩২ টকা হৈছিল।
বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য একেৰাহে দ্বিতীয় মাহত বৃদ্ধি কৰা হৈছে। বিগত দুমাহত ই ৩০৯ টকা বৃদ্ধি পাইছে।
আনহাতে, বাণিজ্যিক এলপিজিৰ মূল্য বৃদ্ধি হোৱা স্বত্বেও দেশৰ বিভিন্ন চহৰত ঘৰুৱা এলপিজিৰ মূল্য একেই আছে অৰ্থাৎ কোনো পৰিৱৰ্তন হোৱা নাই।
আজি গুৱাহাটীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ৯৫২ টকা। এই মূল্য আগষ্ট মাহৰ পৰা একেই আছে। অৱশ্যে, এই মূল্য ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতি মাহে সংশোধন কৰা হয়।
ই অশোধিত তেলৰ আন্তৰ্জাতিক মূল্যৰ ওপৰত নিৰ্ভৰশীল। যেতিয়া এইবোৰ অধিক হয়, গুৱাহাটীত এলপিজি চিলিণ্ডাৰৰ হাৰও অধিক হয়।
দৰিদ্ৰ শ্ৰেণীৰ বাবে, চৰকাৰে এই মূল্যবোৰত ৰাজসাহায্য দিছে। ৰন্ধন গেছ এতিয়া গুৱাহাটীৰ বেছিভাগ লোকৰ বাবে সহজে উপলব্ধ।
যোৱা কেইবছৰমানত ঘৰুৱা আৰু বাণিজ্যিক উদ্দেশ্যৰ বাবে এই ৰন্ধন গেছ চিলিণ্ডাৰৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে।

