Site icon Guwahati Times

আকৌ ভাৰতে ৰচিব ইতিহাস! চন্দ্ৰযান-৪ৰ বাবে সাজু ইছৰো

প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ২০২৩ৰ ২৩আগষ্ট দিনটো আছিল বিশেষ। সেই দিনটোতে চন্দ্ৰযান-৩এ চন্দ্ৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিছিল। চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল ভাৰতে। চন্দ্ৰযান ৩ৰ সফল অভিযানৰ পিছত এই ইছৰো সাজু হৈছে চন্দ্ৰযান-৪ৰ বাবে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই কথা শেহতীয়াকৈ এক অনুষ্ঠানত সদৰি কৰে।

ইছৰো অধ্যক্ষগৰাকী কয় যে, চন্দ্ৰযান-৪এ চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি আহিব। চন্দ্ৰযান-৪ এবাৰতে লান্স কৰা নহয। বৰঞ্চ দুটা পৰ্যায়ত এই যান উতক্ষেপন কৰা হব বুলি সদৰি কৰে এছ সোমনাথে। তেওঁ কয়- চন্দ্ৰযান-৪ পৃথিৱীৰ পৰা দুটা অংশত উতক্ষেপন কৰা হব যদিও, মহাকাশতে যানখন একলগ হৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এনে ব্যৱস্থাৰে চন্দ্ৰযান-৪ৰ অৱতৰণ যদিহে সফল হয়, তেন্তে পুনৰ ভাৰতে এনে কাম কৰা প্ৰথখন দেশৰ স্বীকৃতি লাভ কৰিব।

এছ সোমনাথে লগতে কয়, চন্দ্ৰযান-৪ৰ মুখ্য কাম হব চন্দ্ৰপৃষ্ঠৰ পৰা বিভিন্ন নমুনা পৃথিৱীলৈ লৈ অহা। কিন্তু এতিয়ালৈকে আমাৰ যিবোৰ যান চন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে তেনে যানবোৰে এনে কাম কৰিব পৰা ক্ষমতা নাই। সেয়েহে ইছৰোয়ে এইবাৰ ডাকিঙ্গ ক্ষমতাৰে অৰ্থাত কেইবাটাও অংশ যোগ কৰি কৰি চন্দ্ৰযান নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে এই বছৰৰ শেষভাগলৈ স্পেচডেস্ক নামৰ এক বিশেষ মিশ্যন স্থিৰ কৰিছে ইছৰোৱে।

Exit mobile version