Site icon Guwahati Times

আক্ৰামনাত্মক আৰু ঘৃণাৰ কথা সম্প্ৰচাৰৰ বাবে ৰিপাব্লিক টিভিক ২০,০০০ পাউণ্ড জৰিমনা

ৰিপাব্লিক টিভিক জৰিমনা বিহে ইউ কে ৰ যোগাযোগ নিয়ন্ত্ৰক কাৰ্য্যালয়ে । মঙ্গলবাৰে ৰিপাব্লিক টিভিৰ হিন্দী নিউজ চেনেল ৰিপাব্লিক ভাৰততক এই জৰিমনা বিহা হয় । আক্ৰমনজনক ভাষা,ঘৃণাৰ কথা আৰু ব্যক্তি, গোট, ধৰ্ম বা সম্প্ৰদায়ৰ অপৰাধজনক বা অসন্মানজনক কথা সম্প্ৰচাৰৰ বাবে ২০,০০০ পাউণ্ড জৰিমনা বিহা কৰে। ভাৰতীয় হিচাপত ই প্ৰায় ১৯.৭৩ লাখ টকা।

ইউ কে যুক্তৰাজ্যৰ যোগাযোগ নিয়ন্ত্ৰক কাৰ্য্যালয়ে প্ৰকাশ কৰা অনুসৰি ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত সম্প্ৰচাৰিত ৰিপাব্লিক ভাৰতৰ “পুচতা হে ভাৰত” অনুষ্ঠানত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণব গোস্বামীয়ে প্ৰকাশ কৰা মতামত আৰু কিছুমান অতিথিয়ে অনুষ্ঠানটোত সম্প্ৰচাৰ কিছু নীতি নিয়ম উলংঘা কৰে। এই সন্দৰ্ভত ইউ কে যুক্তৰাজ্যৰ যোগাযোগ নিয়ন্ত্ৰক কাৰ্য্যালয়ে ৱৰ্ল্ডভিউ মিডিয়া নেটৱৰ্ক লিমিটেডৰ নিষেধাজ্ঞা জাৰি কৰে ।

ৰিপাব্লিক ভাৰতক জৰিমনা কৰা অনুষ্ঠানটো ভাৰতৰ চন্দ্ৰযান 2 মহাকাশযান অভিযানৰ সৈতে সম্পৰ্কিত আছিল আৰু “পাকিস্তানৰ তুলনাত ভাৰতৰ মহাকাশ অনুসন্ধান আৰু প্ৰযুক্তিগত উন্নতিৰ তুলনা, আৰু ভাৰতীয় লক্ষ্যৰ বিৰুদ্ধে পাকিস্তানৰ কথিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তুলনা কৰা হৈছিল বুলি প্ৰকাশ কৰা হৈছে বিবৃতিটোত ।

 

Exit mobile version