আগতকৈ অধিক ভয়াৱহ! আকৌ কোৰোনাৰ কালৰূপত বিধ্বস্ত হ’ব নেকি বিশ্ব !

0 min read

সমগ্ৰ বিশ্বই কোৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত থকাৰ মাজতে কোৰোনাৰ নতুন ৰূপে পুনৰ শংকিত কৰিছে বিশ্ববাসীক। বিট্টেইনকে ধৰি ৬খন দেশত কোৰোনাৰ নতুন ৰূপে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছতে চিন্তা বাঢ়িছে বিশ্ববাসীৰ। নেডাৰলেণ্ড, ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, ইটালী আৰু দক্ষিণ আফ্ৰিকাত কোৰোনাৰ নতুন ৰূপে পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

শেহতীয়াকৈ বৈজ্ঞানিকসকলে সদৰি কৰা অনুসৰি, পূৰ্বৰ কোৰোনাতকৈ এই নতুন ৰূপৰ কোৰোনা প্ৰায় ৭০শতাংশ অধিক তীব্ৰগতিত সংক্ৰমিত হব পাৰে। ইফালে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰত চৰকাৰে বিট্টেইনৰ পৰা আহিব লগা বিমান ২২ডিচেম্বৰৰ নিশা ১১.৫৯বজাৰ পৰা ৩১ ডিচেম্বৰলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে যিসকল যাত্ৰী আজিৰ দিনটোৰ ভিতৰত ভাৰত পাবহি তেওঁলোকক কোৰোনা টেষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যদিও এই যাত্ৰীসকলৰ কোৰোনা নিগেটিভ ৰিজাল্ট আহে, তথাপিও এসপ্তাহৰ হোম কোৰাৱেন্টাইন থকাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

You May Also Like

More From Author