Site icon Guwahati Times

আগন্তুক দুমাহৰ ভিতৰত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন

পূৰ্বে এক তৃতীয়াংশ সদস্য উপস্থিত নথকা বাবে স্থগিত কৰিব লগীয়া হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা দেওবাৰে পুনৰ অনুষ্ঠিত হয়৷ এই সভাত গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক কমিটিৰ হৈ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে বিগত বৰ্ষসমূহৰ হিচাপ দাখিল কৰে। তাৰ পিছতে ১৩ মাৰ্চত অনুষ্ঠিত প্ৰেছ ক্লাবৰ শেষৰখন কাৰ্যনিৰ্বাহকত লোৱা সিদ্ধান্ত অনুসৰি সভাপতি মনোজ কুমাৰ নাথে কাৰ্যনিৰ্বাহক সমিতিৰ সকলো বিষয়-ববীয়াৰ হৈ কাৰ্যকাল সমাপ্ত হোৱা বাবে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে। ইয়াৰ পিছতে জ্যেষ্ঠ সাংবাদিক পুলিন সাহাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ সমূহ এনেধৰণৰ:

১) অহা ডেৰ-দুমাহৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন।

২) নিৰ্বাচনৰ বাবে জ্যেষ্ঠ সাংবাদিক দুর্বা ঘোষৰ নেতৃত্বত গঠন কৰা হয় ৫ জনীয়া নিৰ্বাচন সমিতি।

৩) নিৰ্বাচনী সমিতিৰ আন সদস্যসকল হল ক্ৰমে- পুলিন সাহা, মণ্টু শইকীয়া, অনুপম নাথ আৰু অগ্নিভ গগৈ।

৪) সভাই আইনী পৰামৰ্শ আৰু নিৰ্বাচনৰ প্ৰিজাইডিং বিষয়া হিচাপে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনক দায়িত্ব দিয়াৰ সিদ্ধান্ত লয়।

৫) ইয়াৰ উপৰিও নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা পুঁজি কমিটিক দিবলৈ অনুমতি দিয়ে।

৬) নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে নিৰ্বাচন কমিটিয়ে সম্পন্ন কৰিব নতুন সদস্য ভৰ্তিকৰণ আৰু নবীকৰণৰ কাম।

৭) নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত প্ৰেছ ক্লাব পৰিচালনা কৰাৰ বাবে পূৰ্বৰ কমিটিকে দায়িত্ব প্ৰদান কৰে।

Exit mobile version