Site icon Guwahati Times

আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী কোনে দিলে?

আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী কোনে দিলে?

আছুৰ সৈতে কিয় বাৰে বাৰে বিৰুদ্ধাচৰণ কৰে বিধায়ক মৃণাল শইকীয়াই?নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুৱে সদম্ভে মাত মাতি, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত, মৃণাল শইকীয়াৰ নিজৰ ব্যক্তিগত তথা দলীয় স্বাৰ্থত আঘাত লাগিছে নেকি? তেনেহলে কিহৰ বাবে জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত আছুৰ নেতৃবৃন্দৰ বিৰুদ্ধে সৰৱ হৈছে মৃণাল!

আছুলৈ আইনী জাননী প্ৰেৰণ কৰিলে বিধায়ক শইকীয়াৰ অধিবক্তাই ।আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবীৰে জাননী প্ৰেৰণ কৰিলে খুমটাইৰ বিধায়কজনে। এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ নিদিলে আদালতৰ দ্বাৰস্থ হ’ব খুমটাইৰ বিধায়কজন।আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু সভাপতি দীপাংক নাথলৈ আইনী জাননী প্ৰেৰণ কৰিছে।

নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version