আজিও নগাঁও আদালতত হাজিৰ নহ’ল অনিল ৰাজা । পলায়নবাদী আখ্যা ৰকিবুল হুছেইনৰ ।

1 min read

বৃহস্পতিবাৰেও নগাঁও আদালতত হাজিৰ হ’বলৈ সাহস গোটাব নোৱাৰিলে অনিল ৰাজাই । পূৰ্বৰ দৰে জামিনদাৰ যোগাৰ কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই লুকা-ভাকু খেলি আদালতৰ সময় নষ্ট কৰিলে অনিল ৰাজাই । এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ । অনিল ৰাজাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে তৰা CR – 444 /18 নম্বৰৰ মানহানি গোচৰটিৰ ভিত্তিত যোৱা ১ অক্টোবৰৰ দৰে বৃহস্পতিবাৰেও আদালতত হাজিৰ হ’বলৈ নগাঁৱৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে নিৰ্দেশনা প্ৰদান কৰিছিল । কিন্তু পূৰ্বৰ দৰে আজিও জামিনদাৰ নোপোৱাৰ অজুহাত দেখুৱাই আদালতত উপস্থিত নহ’ল অনিল ৰাজা । ৰাজাৰ এই ভূমিকাক প্ৰাক্তন মন্ত্ৰী হুছেইনে পলায়নবাদী আখ্যা দিয়াৰ লগতে তেওঁ পলাই যাব বুলি কোনেও জামিন ল’বলৈ বিচৰা নাই বুলি মন্তব্য কৰে । উল্লেখ্য যে আগন্তুক বৰ্ষৰ ২৮ মাৰ্চত অনিল ৰাজাক সোঁশৰীৰে আদালতত হাজিৰ হ’বলৈ পুনৰ বৃহস্পতিবাৰে নিৰ্দেশনা প্ৰদান কৰে নগাঁৱৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ।

নগাঁও আদিল শ্বাহ।

You May Also Like

More From Author