Site icon Guwahati Times

আজিৰে পৰা গুৱাহাটীৰ ৰাজপথত চলিব GREEN BUS, কিমান হ’ব ভাড়া?

আজিৰে পৰা গুৱাহাটীৰ ৰাজপথত চলিব গ্ৰীন বাছ। মহানগৰীত চলিব ২০০খন গ্ৰীন বাছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই বাছ সেৱা।

এই বাছসমূহ হ’ব সম্পূৰ্ণ বৈদ্যুতিক ৷ এতিয়া সেউজীয়া ৰঙৰ ইলেকট্ৰিক বাছত উঠি যাতায়াত কৰিব পাৰিব আপুনি। পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব বৰ্তমান চলি থকা ডিজেল বাছসমূহ। বৰ্তমান সময়ত গুৱাহাটী হোৱা বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ ৰাখিয়েই ইলেকট্ৰিক বাছৰ প্ৰৱৰ্তন কৰা হ’ব।

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ বিত্তীয় সাহায্য আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত হ’ব এইসমূহ বাছ। টাটা আৰু অলেক্ট্ৰাই নিৰ্মাণ কৰিছে এইসমূহ বাছ। এই ইলেক্ট্ৰিক বাছসমূহ চাৰ্জ কৰিবলৈ মহানগৰীৰ বিভিন্ন স্থানত অধিক চাৰ্জিং ষ্টেচন স্থাপনৰ পৰিকল্পনাও কৰিছে ASTCয়ে।

মুঠতে গুৱাহাটী বাসীয়ে নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই সেউজীয়া বাছত উঠি কৰিব পাৰিব ভ্ৰমণ। ডিজেল বাছৰ সলনি সেউজীয়া বাছৰ চলাচলে গুৱাহাটীৰ প্ৰদূষণৰ মাত্ৰা ৰোধ কৰাটো যঠেষ্ট সহায়ক হ’ব। এই গ্ৰান বাছৰ ন্যূনতম ভাড়া কিমান হ’ব সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

Exit mobile version