Site icon Guwahati Times

আজিৰে পৰা বৃদ্ধি সুৰাৰ মূল্য নিশা ১১ বজাতো হ’ব উপলব্ধ

ৰাজ্যত যি সময়ত সুৰাৰ প্ৰচলনে প্ৰজন্মৰ পাছত প্ৰজন্মক ধ্বংসৰ দিশলৈ নিছে, সুৰাই হাজাৰ হাজাৰ যুৱকৰ প্ৰাণ কাঢ়িছে, সেই সময়ত সুৰাৰ প্ৰচলন আৰু অধিক কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক হঠকাৰী সিদ্ধান্ত। এতিয়াৰে পৰা নিশা ১১ বজাতো সুৰা ক্ৰয়ৰ সুবিধা লাভ কৰিব।

পূৰ্বে নিশা ১০ বজালৈকেহে সুৰাৰ বিপনী খোলা থকাৰ অনুমতি আছিল যদিও আবকাৰী বিভাগৰ ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে এতিয়াৰে পৰা ১১ বজাতো সুৰা উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি শ্বপিং মলৰ সুৰাৰ বিপনীসমূহ ১১ বজালৈ খোলা থাকিব।

আনহাতে এই অধিসূচনা অনুসৰি আজিৰে পৰা সকলো বিলাতী সুৰাৰ মূল্য ৪ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। সেই অনুসৰি ৩৩০ টকাৰ ৭৫০ মিলিলিটাৰৰ সাধাৰণ ব্ৰেণ্ডৰ ৰামক ১০০ টকাকৈ, ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ হুইস্কি, জিন, ব্ৰেণ্ডিৰ ৰেগুলাৰ ব্ৰেণ্ডত ১২১ টকাকৈ বৃদ্ধি পাইছে।

Exit mobile version