Site icon Guwahati Times

আজিৰ ৰাশিফল ! চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ৰাশিক ইংৰাজীত কোৱা হয় ছান ছাইন।

মেষ : অতীতৰ সিদ্ধান্তক লৈ প্ৰশ্নৰ মুখামুখি হ’ব পাৰে। নতুন মতাদৰ্শ গ্ৰহণ কৰিব পাৰিব। তাত কোনো সমস্যা নাই।

বৃষ : নিজৰ সমস্যা অথবা নিৰাপত্তাহীনতাৰ কাৰণে যুক্তিযুক্ত চিন্তা–ভাৱনাৰ ক্ষমতা বাধাগ্ৰস্ত হ’ব পাৰে। নিজৰ বিশ্ৰামৰ দিশটো লক্ষ্য ৰাখিব লাগিব।

মিথুন : ব্যক্তিগত আৰু পেছাগত জীৱনত ভাৰসাম্যহীনতা আহিব পাৰে। শক্তি তুংগত থাকিব। ফলত লক্ষ্য পূৰণত সক্ষম হ’ব।

কৰ্কট : আত্মবিশ্বাস প্ৰবল হ’ব। বাধা–বিপত্তি আহিব পাৰে। কিন্তু সেয়া উন্নতিৰ পথত হেঙাৰ হ’ব নোৱাৰে।

সিংহ : এই সময়ত ৰহস্য–ৰোমাঞ্চৰ কোনো কিতাপ বা ছবিৰ প্ৰতি আগ্ৰহ বাঢ়িব। চিন্তা–ভাৱনা কৰি পৰিকল্পনা কৰি কামত হাত দিয়া উচিত।

কন্যা : নিজৰ ইচ্ছা আৰু নিজৰ বাবে কোনটো ভাল হ’ব, তাৰ মাজত পাৰ্থক্য কৰিব লাগিব। কিছু বিষয়ক লৈ আবেগিক হ’ব পাৰে।

তুলা : সাজ–পোছাকৰ বাবে অতিৰিক্ত খৰচ হ’ব পাৰে। কিন্তু এই অসংযত ব্যয়ৰ অভ্যাস খুব শীঘ্ৰে কমাই পেলাব লাগিব।

বৃশ্চিক : বলিষ্ঠ সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব। আৰু সেই সিদ্ধান্ত অনুসৰি কামো কৰিব পাৰিব। উপস্থিত বুদ্ধিৰ ফলত আনক সহায় কৰিব পাৰিব।

ধনু : সময় শান্তি পূৰ্ণ হ’ব। হাজাৰ ব্যস্ততাৰ মাজত বিৰতি ল’ব লাগিব। ব্যক্তিগত সমস্যাৰ উদ্ৰেক হ’ব পাৰে।

মকৰ : প্ৰিয়জনৰ সৈতে সম্পৰ্কৰ সমস্যা হ’লে সেয়া সমাধানৰ পথ বিচাৰি উলিয়াব লাগিব। কামৰ ক্ষেত্ৰত তৎপৰ আৰু সক্ৰিয় হোৱা বাঞ্ছনীয়।

কুম্ভ : সমস্ত প্ৰচেষ্টাৰ বাবে সফলতা লাভ কৰিব পাৰিব। অতীতত কৰা ক্ষতি সহজতে পূৰণ কৰিব পাৰিব।

মীন : বন্ধুৰ দোষ নিজৰ মূৰত ল’লেও তাৰ ফলাফল বিবেচনা কৰিব লাগিব। জীৱনত কিছু অবিস্মৰণীয় অভিজ্ঞতা হ’ব পাৰে।

Exit mobile version