Site icon Guwahati Times

আজি আৰু কাইলৈ গুৱাহাটীৰ কেইবাটাও পথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা, পথ নিৰ্দেশনাৰ সবিশেষ জানক

আজি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) আহিব। তেওঁৰ অসম ভ্ৰমণক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ গুৱাহাটী ভ্ৰমণৰ সময়ত ৰাইজৰ বাবে বিশেষকৈ শিশু, ছাত্ৰ-ছাত্ৰী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আৰু জৰুৰীকালীন যান-বাহন যেনে এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক নিবিদা ইত্যাদিৰ সুচল যাতায়াতৰ বাবে ৩ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে কেইটামান পথত কিছুমান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে জাৰি কৰা পথ নিৰ্দেশনা:

১) গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িয়াই নিয়া ৪ চকীয়া আৰু তাৰ ওপৰৰ বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। আজি অৰ্থাৎ ৩ ফেব্ৰুৱাৰীৰ দুপৰীয়া ২ বজাৰ পৰা নিশা ১১ বজালৈ আৰু ৪ ফেব্ৰুৱাৰীৰ পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই নিষেধাজ্ঞা থাকিব।

২) আজি (৩ ফেব্ৰুৱাৰী ) দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈ জি.এছ.ৰোড, পাঞ্জাবাৰী পথ, বি. বৰুৱা পথ, জি.এন.বি. ৰোড, এম.জি . ৰোডত সামগ্ৰী কঢ়িয়াই নিয়া ৩ চকীয়া বা তাতোকৈ ওপৰৰ বাণিজ্যিক বাহন চলাব নোৱাৰিব। এ. টি. ৰোড, ডি. জি. ৰোডতো এই বাহনসমূহ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

৩) জি.এছ.ৰোড, পাঞ্জাবাৰী পথ, ছয় মাইল–নাৰেংগী ৰোড, ত্ৰিপুৰা (গলী) ৰোড, বেলতলা বজাৰ ৰোড, বেলতলা–বশিষ্ঠ ৰোডত ৩ চকীয়া আৰু তাৰ ওপৰৰ সামগ্ৰী কঢ়িয়াই নিয়া বাণিজ্যিক বাহনৰ চলাচলত কালি পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নিষেধাজ্ঞা থাকিব।

৪) ASTC বাছ, চিটি বাছসমূহকো যান-বাহনৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি নিয়ন্ত্ৰণ কৰা হ’ব।

৫) ৩ আৰু ৪ ফেব্ৰুৱাৰীত জৰুৰীকালীন বাহন যেনে এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আদিৰ চলাচলত কোনোধৰণৰ বাধা নাথাকিব।

Exit mobile version