Site icon Guwahati Times

আজি ধনতেৰাছত ৩টা শুভ সংযোগ! লক্ষ্মী-কুবেৰ পূজা পদ্ধতি

আজি অৰ্থাৎ শুকুৰবাৰে সমগ্ৰ দেশজুৰি ধনতেৰাছ উৎসৱ পালন কৰা হৈছে। ধনতেৰাছত ৩টা শুভ সংযোগ, হস্ত নক্ষত্ৰ আৰু প্ৰীতি যোগ গঠন হৈছে। আজিৰ দিনটোতে প্ৰদোষ কালত দেৱী লক্ষ্মী আৰু কুবেৰক ৰীতি-নীতিৰে পূজা কৰা হয়। দেৱী লক্ষ্মী আৰু কুবেৰৰ কৃপাত ধন-সম্পত্তি, সুখ, সমৃদ্ধি আদি বৃদ্ধি হয়।

ধনতেৰাছত সোণ আৰু পিতলৰ সামগ্ৰী ক্ৰয় কৰাৰ গুৰুত্ব আছে। সোণক দেৱী লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি ধনতেৰাছৰ দিনা সোণৰ কলহ লৈ ভগৱান ধনবন্তৰী আবিৰ্ভাৱ হয়। তেওঁ সোণালী আৰু হালধীয়া ৰং ভাল পায়। সেয়ে ধনতেৰাছত সোণ আৰু পিতলৰ সামগ্ৰী ক্ৰয় কৰাৰ পৰম্পৰা আছে। ধনতেৰাছৰ দিনা লক্ষ্মী-কুবেৰ পূজা পদ্ধতি, শুভ সময়, বজাৰ কৰাৰ উপযুক্ত সময়, পূজা সামগ্ৰী আদিৰ বিষয়ে জানো আহক।
২০২৩ চনৰ ধনেৰাছত ৩টা শুভ সংযোগ

শুকুৰবাৰৰ দিনা দেৱী লক্ষ্মীক পূজা কৰাৰ দিন আৰু এইবাৰৰ ধনতেৰাছও শুকুৰবাৰৰ দিনাই পৰিছে। ধনতেৰাছত দেৱী লক্ষ্মীক পূজা কৰাৰ উপৰিও শুক্ৰ প্ৰদোষৰ উপবাসো ৰখা হয়। আজি দেৱী লক্ষ্মী আৰু কুবেৰ ভগৱানক পূজা কৰাৰ উপৰিও ভগৱান শিৱকো পূজা কৰা হয়।

ধনতেৰাছ ২০৩ শুভ সময়

কাতি কৃষ্ণ ত্ৰয়োদশীৰ আৰম্ভণি তিথি: ১০ অক্টোবৰ নিশা ১২ বাজি ৩৫ মিনিট

কাতি কৃষ্ণ ত্ৰয়োদশীৰ অন্ত তিথি: ১১ অক্টোবৰ নিশা ১ বাজি ৫৭ মিনিটলৈ

হস্ত নক্ষত্ৰ: শুকুৰাৰে পুৱাৰ পৰা নিশা ১২ বাজি ৮ মিনিটলৈ

প্ৰীতি যোগ: শুকুৰাৰে সন্ধিয়াৰ ৫ বাজি ৬ মিনিটৰ পৰা কাইলৈ ​​পুৱা ৪ বাজি ৫৯ মিনিটলৈ

ধনতেৰাছ পূজাৰ শুভ সময়: আজি, শুকুৰাৰে সন্ধিয়া ৫ বাজি ৪৭ মিনিটৰ পৰা ৭ বাজি ৫৯ মিনিটলৈ

সোণ ক্ৰয়ৰ সৰ্বোত্তম সময়: দিনৰ ​​১২ বাজি ৩৫ মিনটৰ পৰা কালি পুৱা ৬ বাজি ৪০ মিনটলৈ

ধনতেৰাছ পূজাৰ বাবে সামগ্ৰী:

দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰৰ নতুন মূৰ্তি বা ছবি, নতুন কাপোৰ, পদুম ফুলৰ গুটি, পদুম ফুল আৰু ৰঙা গোলাপ, ফুলৰ মালা, গোটা ধনীয়া, দুৱৰি বন, কহুৱা বন, পঞ্চ মেৱা, সপ্তমৃতিকা, কাঠৰ খুঁটা, বেদী, হালধী, হলী, সেঁন্দুৰ, দৈ, গাখীৰ, ফল, মৌ, গংগা পানী, চেনি, বিশুদ্ধ ঘিউ, চুপাৰী, পাণ, পঞ্চ পল্লৱ, নৈবেদ্য, মিঠাই, কফুৰ, কপাহী সূতা, চাকি, ধূপ, ইলাইচি, নিমখ, ৰূপ বা সোণৰ মুদ্ৰা, নাৰিকল, বহী, সুৰক্ষা সূতা ইত্যাদি ধনতেৰাছৰ প্ৰয়োজনীয় সামগ্ৰী আৰু পূজাৰ সময়ত এইবোৰ ব্যৱহাৰ কৰা হয়।

ধনতেৰাছ পূজা পদ্ধতি:

আজি সন্ধিয়া শুভ সময়ত পূজা সামগ্ৰীৰ আয়োজন কৰিব। পিছত শুভ মুহূৰ্তত কাঠীৰ বেদীত কুবেৰ ভগৱান, গণেশ আৰু দেৱী লক্ষ্মীৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব। তাৰ পিছত পূজা সামগ্ৰীৰে দেৱী লক্ষ্মী আৰু ধনপতি কুবেৰক পূজা কৰিব। তেওঁলোকৰ মন্ত্ৰ জপ কৰি ভগৱান গণেশক মোদক, দেৱী লক্ষ্মীক ক্ষীৰ আৰু কুবেৰক গোটা ধনীয়াৰ পঞ্জিৰি আগবঢ়াব। দেৱী লক্ষ্মী আৰু কুবেৰৰ আৰতি কৰিব।

Exit mobile version