Site icon Guwahati Times

আজি বাঘবৰ আঞ্চলিক ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অখিল গগৈৰ আইনী যুঁজৰ বাবে পুজি সংগ্ৰহ কৰা হয়।

বাঘবৰ বজাৰ,বাঘেশ্বৰী চক ,শিলোচী পথাৰ তিনি আলি , সেউৰাৰভিটা পূৱ চাৰি আলি , জনপ্ৰিয় বজাৰ, ইন্দিৰা নগৰত শিক্ষক,সচেতন ব্যক্তি,নাৱৰীয়া,খেতিয়ক,মগনীয়া,ৰিক্সা ৱালা, ঠেলাৱালা আৰু দোকানী সকলৰ পৰা অখিল গগৈৰ আইনী যুঁজৰ বাবে 8905 টকা বৰঙণি সংগ্ৰহ কৰা হয়।বাঘবৰ অঞ্চলৰ ৰাইজৰ একতা আৰু অখিল গগৈৰ প্ৰতি থকা মৰম দেখি বাঘবৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আৰু এই যুজত অখিলৰ জয় হ’ব বুলি আশা কৰে।

Exit mobile version