Site icon Guwahati Times

আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

আজি দেশত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। দেশৰ ৬ খন ৰাজ্য, ২ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটযুদ্ধ। প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিহাৰৰ ৫খন আসন, ঝাৰখণ্ডৰ ৩খন আসন, মহাৰাষ্ট্ৰৰ ১৩খন আসন, ওড়িশাৰ ৫খন আসন, উত্তৰ প্ৰদেশৰ ১৪খন আসন, পশ্চিম বংগৰ ৭খন আসন, জম্মু কাশ্মীৰ আৰু লাডাখৰ এখনকৈ আসনৰ বাবে হৈছে ভোটযুদ্ধ। ইপিনে ৪৯ সমষ্টিত আজি EVMত বন্দী হ’ব ৬৯৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য। ৬৯৫ গৰাকী প্ৰাৰ্থীৰ ৮২গৰাকীয়েই মহিলা প্ৰাৰ্থী।

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ। ভাগ্য নিৰ্ণয় হ’ব ৰায়বেৰেলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং। একেদৰে উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ। স্মৃতি ইৰাণীৰ বিৰুদ্ধে আছে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰী লাল শৰ্মা। লক্ষ্ণৌ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব বৰ্তমানৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। ক্ৰমাগত তৃতীয় বাৰৰ বাবে লক্ষ্ণৌ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৭২ বছৰীয়া বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ৰাজনাথ সিঙে।

লক্ষ্ণৌ সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিয়ে দেশৰ গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহা ৰাজনাথ সিঙৰ বিৰুদ্ধে আন ৯ গৰাকী প্ৰাৰ্থীৰ মাজত শক্তিশালী প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী ৰবিদাস মেহৰট্ৰা। মেহেৰট্ৰা তিনিবাৰৰ বিধায়ক। ভাগ্য নিৰ্ণয় হ’ব মুম্বাই নৰ্থৰ বিজেপি প্ৰাৰ্থী পীযুষ গোৱেল, বিহাৰৰ হাজিপুৰ সমষ্টিৰ NDA তথা LJP নেতা চিৰাগ পাছৱানৰ। বিহাৰৰ চৰণ সমষ্টিত বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীৰ বিৰুদ্ধে যুঁজ দিছে RJD নেতা ৰোহিনী আচাৰ্যই। জম্মু কাশ্মীৰ বাৰামূলা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ইণ্ডি এলায়েঞ্চৰ নেতা তথা নেচনেল কনফাৰেঞ্চৰ নেতা, জম্মু কাশ্মীৰৰ পূৰ্ব মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ।

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ২০১৯ চনত গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিত পৰাজয় বৰণ কৰাৰ পাছত এইবাৰ কংগ্ৰেছৰ আন এটা দুৰ্গ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাহুল গান্ধীয়ে। আৰু আজি আমেথি-ৰায়বেৰেলী দুয়োটা সমষ্টিতে ভোট যুদ্ধ। মনোনয়ন দাখিলৰ অন্তিম দিনা ৰায়বেৰেলী সমষ্টিত ৰাহুল গান্ধীক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছৰে পৰা, ৰাহুল গান্ধীৰ হৈ প্ৰচাৰত ব্যস্ত হৈ পৰিছ কংগ্ৰেছ তথা ইণ্ডি এলায়েঞ্চৰ নেতা। ৰাহুল ভগ্নী প্ৰিয়ংকা তথা কংগ্ৰেছ নেতাই ৰায়বেৰেলীত প্ৰচাৰ চলোৱাৰ লগতে ইণ্ডি এলায়েঞ্চৰ অংশীদাৰী তথা সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও ৰাহুল গান্ধীৰ হৈ প্ৰচাৰ চলাইছে।

লক্ষণীয়ভাবে ২০০২ৰে পৰা ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰি অহা সমষ্টিটোৰ উত্তৰাধিকাৰী হ’ব বিচাৰিছে ৰাহুল গান্ধী। লক্ষণী ভাবে ৰায়বেৰেলীত বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং বিজেপি বিধায়ক অদিতি সিঙৰ অসহযোগিতাৰ সন্মুখীন হোৱাৰো বাতৰি আহিছে। বিধায়িকা গৰাকীয়ে প্ৰচাৰ সভাত ভাগ লোৱাৰ পৰা বিৰত আছে। পূৰ্বৰ কংগ্ৰছ নেত্ৰী গৰাকীয়ে বিজেপিত যোগদান কৰি ২০২২ৰ নিৰ্বাচনত জয়লাভ কৰিছিল। ৰায়বেৰেলীৰ বিজেপি প্ৰাৰ্থী হিচাপে অদিতি সিঙৰো নাম উচ্চাৰিত হৈছিল। সমষ্টিটোত দীনেশ প্ৰতাপ সিঙক প্ৰাৰ্থিত্ব দিয়াৰ বাবেই অদিতি সিঙে প্ৰচাৰত ভাগ নোলোৱাটোৱে বিজেপিক অসুবিধাত পেলাইছে।

Exit mobile version