Site icon Guwahati Times

আজি সনাতন হিন্দু ধৰ্মৰ সবাতোকৈ পৱিত্ৰ উত্সৱ কৃষ্ণৰ জন্মাষ্টমী

৬ ছেপ্তেম্ৱৰ ২০২৩ঃ আজি সনাতন হিন্দু ধৰ্মৰ সবাতোকৈ পৱিত্ৰ উত্সৱ কৃষ্ণৰ জন্মাষ্টমী। ভাদ মাহৰ কৃষ্ণ অষ্টমীৰ ৰোহিণী নক্ষত্ৰৰ অৱস্থিতিত মাজনিশা মথুৰাত ওপজিছিল ভগৱান শ্ৰীকৃষ্ণ। সেই অনুযায়ী হিন্দু ধৰ্মাৱলম্বীয়ে প্ৰতিবছৰে এই তিথিত পালন কৰে জন্মাষ্টমী উত্সৱ। আজি বিয়লি ৩.৪৭ বজাৰ পৰা অষ্টমী তিথি আৰম্ভ হৈ সমাপ্ত হ’ব কাইলৈ বিয়লি ৪.১৪ বজাত। একেদৰে ৰোহিণী নক্ষত্ৰৰ স্থিতি আজি পুৱা ৯.২০ বজাৰ পৰা কাইলৈ পুৱা ১০.২৫ বজালৈ। সেয়ে দুদিনীয়াকৈ পালন হ’ব জন্মাষ্টমী মহোত্সৱ।

আজি নিশা ১১.৫৭ বজাৰ পৰা ১২.৪২ বজালৈ অনুষ্ঠিত হ’ব নিশিত পূজা। মূলতঃ মথুৰাৰ কৃষ্ণ মন্দিৰত অনুষ্ঠিত হয় এই পূজা। এই সময়ছোৱাতে কংসৰ পোতাশালত ভগৱান শ্ৰীকৃষ্ণৰ ৫২৫০ বছৰ পূৰ্বে জন্ম হোৱা বুলি অনুমান কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ কৃষ্ণৰ জন্মৰ পিছৰে পৰা সনাতন সমাজে পালন কৰি আহিছে জন্মাষ্টমী মহোত্সৱ।

Exit mobile version