Site icon Guwahati Times

আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগৰ পথত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত!

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিত এক বৃহৎ খলকনিৰ সৃষ্টি কৰি কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে (Bismita Gogoi)। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তইও (Angkita Dutta) আনুষ্ঠানিকভাৱে কংগ্ৰেছ (Congress) ত্যাগ কৰাৰ যো-জা চলোৱাৰ এটা খবৰ ওলাইছে। এক গোপন সূত্ৰই দাবী কৰা অনুসৰি, কংগ্ৰেছ ত্যাগ কৰি দুই কংগ্ৰেছ নেত্ৰীয়ে সম্ভৱতঃ বিজেপি (BJP) দলত যোগদান কৰিবলৈ সাজু হৈছে।

উল্লেখযোগ্য যে, অহা ২৮ জানুৱাৰীত বিজেপি দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থা (AASU) ত্যাগ কৰা কেইবাগৰাকীও ছাত্ৰ নেতাই যোগদান কৰাৰ সম্ভাৱনা আছে। এক সূত্ৰ অনুসৰি, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ আৰু প্ৰাক্তন আছু নেতা প্ৰকাশ দাসৰ লগতে আন কেইবাজনো আছু নেতাই বিজেপিত যোগদান কৰিব। এই সময়ছোৱাতে দুয়োগৰাকী কংগ্ৰেছী নেত্ৰীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Exit mobile version