Site icon Guwahati Times

আপুনিও আপোনাৰ মুখৰ দাগ আঁতৰাব বিচাৰে নেকি? পঢ়ক সবিশেষ

পুদিনা স্বাস্থ্যৰ বাবে বহু উপকাৰী এক জনপ্ৰিয় সুগন্ধিযুক্ত ভেষজ। অতীজৰে পৰা মানুহে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে পুদিনা ব্যৱহাৰ কৰি আহিছে। পদিনাৰ সুগন্ধি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। পুদিনা পাতত ভিটামিন A, C আৰু B থাকে। যিটো ছালৰ যত্ন আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাৰ এক অতি গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ ব্যৱহাৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

১/ পদিনাৰ পাত কেঁচাকৈ চোবাই খালে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পায়ৰিয়া আদি ৰোগৰ পৰা হাত হাৰিব পাৰি। পদিনাৰ ৪-৫ টা পাত লৈ পানীত উতলাই আৰু পানীখিনি অলপ সময় ফ্ৰিজত ৰাখি সেই পানী মুখত লৈ কুলকুলি কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয়।

২/ পদিনাৰ পাতৰে চাহ খালে বহুতে সমস্যা দূৰ হয়। ই ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ কৰে।

৩/ পদিনাৰ পাত ব্যৱহাৰ কৰি প্ৰস্তুত কৰা তেল কীটনাশক হয়। এই তেল ঘৰৰ চাৰিওফালে ছটিয়ালে মহ, মাখি, পৰুৱা দবৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

৪/ পদিনাৰ পাত পিছি তাৰ প্ৰলেপ মুখত লগালে শালমইনা, বিভিন্ন দাগ, মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয়। ই আমাৰ ছালখন সুন্দৰ কৰি ৰাখে।

৫/ অতি মাত্ৰা যদি কাহ হয় থাকে তেন্তে পদিনা পাতৰ চাহ বনাই তাত অলপ নিমখ দি খালে আৰাম পোৱা যায়৷ পদিনাৰ ৰসৰ সৈতে মৌজোল মিহলাই সেৱন কৰিলে চৰ্দি পানীলগা জ্বৰ আদি ৰোগ উপশম হয়।

৬/ অতিকৈ বদহজম বা পেট ফুলা অনুভৱ কৰিলে কেঁচাকৈ পদিনাৰ পাত খালেও ভাল ফল পোৱা যায়। নতুবা পদিনাৰ পাতখিনি মিহিকৈ পিছি তাত অলপ নিমখ দি খাব লাগে।

Exit mobile version