Site icon Guwahati Times

আপুনি নজনাকৈ Aadhaar Number ক’ৰবাত ব্যৱহাৰ হোৱা নাইতো? কেনেকৈ জানিব? নাজানিলে ঘটিব পাৰে বিপদ!

বৰ্তমান আধাৰ কাৰ্ড খুবেই গুৰুত্বপূৰ্ণ। কিন্তু আমি বহুতেই নাজানো যে আমাৰ আধাৰ কাৰ্ডখন কেতিয়া আৰু ক’ত প্ৰমাণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। যিহেতু আধাৰ কাৰ্ড বিভিন্ন সেৱা লাভৰ বাবে প্ৰমাণৰ নথি হিচাপে ব্যৱহাৰ কৰা হয়, ইয়াৰ অপব্যৱহাৰ সম্পৰ্কে চিন্তিত হোৱা প্ৰয়োজন।

ইউনিক আইডেণ্টিফিকেচন অথৰিটী অব ইণ্ডিয়া অৰ্থাৎ যি সংস্থাই আধাৰ পৰিচালনা কৰে তেওঁলোকৰ ৱেবছাইটত গৈ নিজৰ আধাৰ ক’ত আৰু কেতিয়া ব্যৱহাৰ হৈছিল সেয়া পৰীক্ষা কৰাৰ উপায় আছে। চাওক এই সহজ উপায়।

নিজৰ আধাৰ কেতিয়া আৰু ক’ত ব্যৱহাৰ কৰা হৈছে, সেয়া জানিবলৈ এই পদক্ষেপবোৰ অনুসৰণ কৰিব লাগিব –

১. প্ৰথমে আধাৰ অথেণ্টিফিকেচনৰ পেজলৈ যাব লাগিব – https://resident.uidai.gov.in/notification-aadhaar ২. ইয়াৰ পিছত নিজৰ আধাৰ নম্বৰ আৰু ছিকিউৰিটী কোড এণ্টাৰ কৰক ৩. ইয়াৰ পিছত ‘Generate OTP’ অপচনত ক্লিক কৰিব লাগিব ৪. ইয়াৰ পিছত ইউজাৰসকলে নিজৰ ম’বাইল ফোনত এটা OTP পাব। এইক্ষেত্ৰত নিশ্চিত কৰিব লাগিব যে UIDAI ৱেবছাইটত সেই ফোন নম্বৰ ভেৰিফাই কৰা আছে।

৫. ইয়াৰ পিছত ব্যৱহাৰকাৰীসকলে তথ্যৰ সময় কাল আৰু লেনদেনৰ সংখ্যা বাচি লোৱাৰ বিকল্পবোৰ চাব পাৰিব। ইয়াৰ পিছত নিজৰ অ’টিপি এণ্টাৰ কৰিব লাগিব আৰু ‘Submit’ অপচনত ক্লিক কৰিব লাগিব। ৬. ইয়াত তাৰিখ, সময় আৰু সমস্ত আধাৰ প্ৰমাণীকৰণ অনুৰোধৰ ধৰণ দেখা পাব, যি ইতিপূৰ্বে নিৰ্বাচন কৰিছিল।

এইক্ষেত্ৰত কোনো যদি সন্দেহজনক কিবা পায়, তেন্তে নিজৰ আধাৰ তথ্য অনলাইনত লক কৰি দিব পাৰে। ইয়াৰ পিছত যেতিয়াই সেয়া ব্যৱহাৰ কৰিব লাগিব, সেয়া আনলক কৰিব পাৰে। ইয়াৰ মাজতে আধাৰ কাৰ্ডৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ নথি লিংক কৰিব লাগিব, যাৰ সময়সীমা আগুৱাই আহিছে।

পেন কাৰ্ড – ইয়াৰ বাবে আয়কৰ বিভাগৰ ৱেবছাইট অপেন কৰিব লাগিব। নিজৰ পেন আৰু আধাৰ বিৱৰণ দিব লাগিব আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ বাবে সময়সীমা ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

বেংক একাউণ্ট – ইণ্টাৰনেট বা ম’বাইল বেংকিং সুবিধা ব্যৱহাৰ কৰি নিজৰ বেংক একাউণ্টক আধাৰৰ সৈতে লিংক কৰিব পাৰে। ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে এয়া কৰিবলৈ, অনলাইন বেংকিং একাউণ্টত লগইন কৰিব লাগিব আৰু Update Aadhaar লিংকত ক্লিক কৰিব লাগিব। ইয়াত নিজৰ আধাৰ বিৱৰণ লিখিব লাগিব আৰু জমা দিব লাগিব। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ গ্ৰাহকে ৰেজিষ্টাৰ নম্বৰত পঠিওৱা অ’টিপি ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ শেষ তাৰিখ ৩১ ডিচেম্বৰ।

মিউচুৱেল ফাণ্ড ফলিঅ’ – CAMS আৰু Karvy Computershare-এ নিজৰ মিউচুৱেল ফাণ্ড একাউণ্টৰ সৈতে নিজৰ আধাৰ লিংক কৰাৰ বাবে এক অনলাইন সুবিধা প্ৰদান কৰ। ইয়াৰ বাবে CAMS বা Karvy ৱেবছাইটলৈ গৈ Link your aadhaar অপচনত ক্লিক কৰিব লাগিব। এই ফৰ্মখন পূৰ্ণ কৰিব লাগিব আৰু জমা দিয়াৰ বাবে নিৰ্দিষ্ট ষ্টেপসমূহ অনুসৰণ কৰিব লাগিব। ইয়াৰ পিছত অ’টিপি জেনেৰেট কৰিব লাগিব আৰু নিজৰ ৰেজিষ্টাৰ কৰা ম’বাইল নম্বৰত প্ৰেৰণ কৰা অ’টিপি এণ্টাৰ কৰিব লাগিব।

Exit mobile version