Site icon Guwahati Times

আপোনাৰ শিশুৱে নখ কামুৰি থাকে ? কেনেকৈ এৰুৱাব ? সহজ টিপছ্…

Nail biting অৰ অভ্যাস বহু শিশুৰে থাকে আনকি বহু প্ৰাপ্ত বয়স্ক পুৰুষ মহিলাকো কিছু বিশেষ বিশেষ মুহূৰ্তত সৰু লৰা ছোৱালীৰ দৰে নখ কামুৰি থকা প্ৰত্যক্ষ কৰা যায়। সৰু ডাঙৰ যাৰে নাথাকক কিয় এয়া কিন্তু এটি অত্যন্ত বেয়া অভ্যাস। কিয়নো নখৰ ভিতৰত থাকে ময়লা আৰু সেই ময়লাত মিহলি হৈ থাকে বহু ৰোগৰ বীজাণু। ফলত অহৰহ নখ কামুৰি থাকিলে শিশুৰ পেটলৈ সেই ৰোগৰ বীজাণু সোমাই গৈ শিশুটিক অসুস্থ্য কৰি তুলিব পাৰে। শিশুৱে যিহেতু বাহিৰত খেলা ধূলা কৰে আৰু অনবৰতে হাত ধুই থাকিবলৈ তেওঁলোকে পছন্দও নকৰে , ফলতে সেই শিশুৱে অনবৰতে নখ কামুৰিলে পৰিস্থিতি আৰু বেছি ভয়ংকৰ হৈ পৰিব পাৰে।

দীৰ্ঘদিন ধৰি নখ কামুৰি থাকিলে অকল যে পেটৰ ৰোগেই হ’ব তেনে নহয় শিশুৰ আঙুলিৰ মূৰ আৰু নখৰ আকৃতি নষ্ট হৈ পৰে। লগতে যিহেতু নখ কামোৰাৰ অৰ্থ টেনশ্যন বা চিন্তাত থকা বুজাই সেয়ে সেইটোৱেও শিশুটিৰ বিষয়ে আনৰ মনত এক ঋণাত্মক প্ৰতিচ্ছবি দাঙি ধৰিব পাৰে।

এতিয়া প্ৰশ্ন হৈছে এই অভ্যাস আপোনাৰ শিশুটিৰ পৰা আঁতৰাব কেনেকৈ ? নখ কামোৰা অভ্যাস দূৰ কৰাৰ বহু বুদ্ধি আছে সেই সমূহৰ ভিতৰত কেইটামান কাৰ্যকৰী বুদ্ধি দাঙি ধৰা হৈছে।

১) সকলো সময়তে শিশুৰ নখ পৰিষ্কাৰ কৈ কটাই ৰাখক , যদিহে নখ নাথাকেই নখ কামুৰিব কেনেকৈ ।

২) তাৰ পিছতো যদি শিশুটিয়ে নখ কামুৰিছে তেন্তে তেওঁক আপুনি অভিভাৱক হিচাপে প্ৰশ্ন কৰক, তেওঁ কিয় কামুৰিছে নখ, তেওঁ কোন কথাক লৈ উদ্বিগ্ন হৈছে বা ভয় খাইছে সেই মুহূৰ্তত , আৰু উত্তৰ জানি আপুনি তেওঁক নিৰ্ভয় দিয়ক। এনে কাম কিছুদিন কৰিলে তেনে অভ্যাস বহু শিশুৰে দূৰ হয়।

৩) শিশুক নখ কামোৰা দেখা মাত্ৰকে তেওঁক খং নকৰি আপুনি এটা ইংগিত দিয়া কৰক, যেনে না বুজাবলৈ মূৰ দুপিয়াই দিয়ক নহলে মূৰ জোকাৰি দিয়ক নাইবা লাহেকৈ পিঠিত থপিয়াই দিয়ক যাতে তেওঁ বুজি উঠে যে আপুনি সেই ইংগিত টো তেওঁ নখ কামোৰা বাবেই দিছে ; শিশু ইংগিত বুজাত আৰু মনত ৰখাত পাকৈত থাকে।

৪) অত্যন্ত তিতা ধৰণৰ nail coating দোকানত কিনিবলৈ পোৱা যায় সেয়া কিনি শিশুৰ নখত লগাই ৰাখক সেইটো তিতা পায় তেওঁ নখ কামোৰা অভ্যাস এৰিব।

৫) আপোনাৰ শিশুয়ে গোটেই দিনটো নখ নাকামোৰাকৈ থাকিলে আপুনি পুৰস্কাৰ দিব বুলি ঘোষণা দিয়ক যাৰ ফলত তেওঁ সেই বদ অভ্যাস এৰিবলৈ উৎসাহ পাব।

৬) অভিভাৱক হিচাপে আপোনাৰ আছে নেকি নখ কামোৰা অভ্যাস, যদি আছে তেন্তে নিজৰ অভ্যাস প্ৰথমে বন্ধ কৰক তাৰ পিছত শিশুক আগ্ৰহী কৰি তোলক সেই অভ্যাস এৰিবলৈ। নখ চুবোৱাৰ ফলত হ’ব পৰা স্বাস্থ্য সম্বন্ধীয় অপকাৰ সমূহ বুজাই দিয়ক নিশ্চয় তেওঁ এৰিবলৈ যত্নপৰ হ’ব।

৭) যদি কোনো শিশুৱে অহৰহ নখ কামুৰি থকাৰ ফলত আঙুলি আঘাত হৈ ৰক্তক্ষৰণ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক কাৰণ এই অভ্যাসৰ সৈতে কোনো নহয় কোনো হতাশা আৰু উদ্দীগ্নতা নাইবা শিশুৰ মনত কোনো অজানা ভয় জড়িত হৈ থাকে সেয়ে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি নিশ্চিত কৰক তাৰ কাৰণ ।

 

Exit mobile version