Site icon Guwahati Times

আপোনাৰ PAN Cardখন কিমান পুৰণি? ১০ বা ২০ বছৰৰ পুৰণি পেন কাৰ্ড সলনি কৰিব লাগিব নেকি?

Pan Card : পেন কাৰ্ড অত্যন্ত গুৰুত্বপূৰ্ণ নথি, যি এফালে পৰিচয় পত্ৰ, আনহাতে আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ প্ৰধান সহায়ক।

 কিন্তু পেন কাৰ্ড পুৰণি হ’লে কি কৰা উচিত? বহুতৰ ওচৰতে পুৰণি পেন কাৰ্ড আছে, সেয়া ১০, ২০ বছৰ পুৰণি।

এই পুণি পেন কাৰ্ডবোৰ ৰং নষ্ট হৈ যোৱা দেখা যায়। স্বাক্ষৰো অস্পষ্ট হৈ পৰে।

জেৰক্স বা প্ৰিণ্ট কৰিলে পৰিষ্কাৰভাৱে দেখা নাযায়। এই সময়ত মনত প্ৰশ্ন আহে যে পুৰণি পেন কাৰ্ড আইনত সলনি কৰিব লাগিব নেকি?

 পেন পুৰণি হ’লে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা নাই। সমগ্ৰ জীৱন বৈধ হৈ থাকে পেন কাৰ্ড।

পুৰণি পেন কাৰ্ড সলনিৰ ক্ষেত্ৰত এতিয়াও কোনো নিৰ্দেশনা নাই। পেন কাৰ্ড আচলতে পৰিচয় পত্ৰ হিচাপে ব্যৱহৃত হয়।

সেইক্ষেত্ৰত যদি তথ্য অপিৰষ্কাৰ হয়, ভুল হোৱাৰ সম্ভাৱনা থাকিব পাৰে।

আয়কৰ দপ্তৰৰৰ ৱেবছাইটৰ পৰা পেন কাৰ্ডৰ ছফ্ট কপি পোৱা যাব পাৰে

এই ৱেবছাইট ৰ পৰা শুল্ক দি নতুন আৰু পৰিষ্কাৰ পেন কাৰ্ড লাভ কৰিব পাৰে। কিন্তু পুৰণি পেন কাৰ্ড পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই। (

Exit mobile version