Site icon Guwahati Times

আলহী খাবলৈ ভিনিহিয়েকৰ ঘৰৰ পৰা চুৰি কৰি নিলে স্কুটী…

ভিনিহিয়েকৰ ঘৰত ফুৰিব আহি খুলশালিয়ে চুৰি কৰি লৈ গ’ল স্কুটি। উল্লেখ্য যে বিশ্বনাথৰ কুচগাঁও নিবাসি তথা বিশ্বনাথ নগৰৰ পাৰ্বতি দাহাল ফাৰ্ণিচাৰৰ স্বতাধিকাৰী ৰাজকুমাৰ দাহাল নামৰ লোক জনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।

কিছুদিন পূৰ্বে কলিয়াবৰৰ পৰা সম্পৰ্কীয় খুলখালি অংকুৰ উপাধ্যায় নামৰ যুৱকজন ফুৰিবলৈ আহিছিল ৰাজকুমাৰৰ ঘৰলৈ। সন্ধ্যা সময়ত ৰাজকুমাৰ দাহালৰ ঘৰত আহি চাহ পানী খাই উভতি যায় অংকুৰ উপাধ্যায়। কিন্তু অংকুৰ উপাধ্যায় নামৰ যুৱক জন উভতি যোৱাৰ পিছতে ৰহস্যজনক ভাৱে ৰাজকুমাৰ দাহালৰ ঘৰৰ পৰা তেওঁলোকৰ স্কুটিৰ চাবি হেৰায় ।

ৰাজকুমাৰ দাহালৰ পুত্ৰ তথা আন সদস্যই স্কুটিৰ চাবি সমস্ত ঘৰখনতে বিচাৰে যদিও চাবি বিচাৰি নাপালে। যাৰ বাবে ভুক্তভোগীয়ে ঘৰত থকা আন এটা স্পায়াৰ চাবিৰেই স্কুটিখন চলায়। কিন্তু পিছদিনা পুৱা শুই উঠি স্কুটিখন দেখা নাপায় পৰিয়ালটোৱে। যাৰ ফলত ঘৰখনত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

সেই সময়তে ভুক্তভোগীৰ মনত সন্দেহ ওপজে নিজ আত্মীয়ৰ ওপৰত।যাৰ ভিত্তিত ভুক্তভোগীয়ে ফোন যোগে যোগাযোগ কৰে তেওঁলোকৰ ঘৰত আগদিনা আলহী হিচাপে অহা জনক। খুলখালী অংকুৰ উপাধ্যায়ক ভুক্তভোগীয়ে স্কুটিখনৰ কথা কোৱাত প্ৰথম অবস্থাত স্বীকাৰ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত কয় যে স্কুটিৰ টকা তেওঁ বহন কৰিব।

যাৰ ফলত ভুক্তভোগীয়ে নিশ্চিত হয় যে তেওঁৰ ঘৰৰ পৰা স্কুটিখন তেওঁৰে খুলখালীয়ে লৈ উধাও হয় বুলি। যাৰ ফলত ভুক্তভোগীয়ে নিজ খুলখালীক সময়সীমা বান্ধি দিছিল যদিও আজি পৰ্যন্ত খবৰ নাই খুলখালী অংকুৰ উপাধ্যায়ৰ। যাৰ ফলত ৰাজকুমাৰ দাহালে আৰক্ষীৰ সহায় ল’বলৈ বাধ্য হয়।

ইতিমধ্যে ভুক্তভোগী তথা ৰাজকুমাৰ দাহালে খুলখালী অংকুৰ উপাধ্যায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানো পলাতক অৱস্থাত আছে অভিযুক্ত। ভুক্তভোগী ৰাজকুমাৰ দাহালে বিশ্বনাথ আৰক্ষীক সংবাদ মাধ্যামৰ জৰিয়তে অহবান জনাই যে অতি শীঘ্ৰ যাতে আৰক্ষীয়ে অংকুৰ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰে।কিয়নো নিজ আত্মীয়ৰ ঘৰলৈ আহি এই দৰে চুৰি কাৰ্য চলোৱা ঘটনাই নহলে মানুহৰ সম্পৰ্কৰ মাজতো বিভেদ আনিব।

Exit mobile version