Site icon Guwahati Times

ইছলামিক গোড়ামি আৰু উগ্ৰতাৰ বাবে হিন্দু উগ্ৰ হৈছে : শিলাদিত্য

সততে বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে বুধবাৰে কোকৰাঝাৰত পুনৰ এক বিতৰ্কিত মন্তব্য কৰে । কোকৰাঝাৰত আজি সংবাদমাধ্যমৰ আগত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে এটা বিশেষ সম্প্ৰদায়ক পুনৰাই আক্ৰমনৰ লক্ষ্য কৰি লৈছে ।

প্ৰযুক্তিবিদ্যাৰ যুগত মানুহৰ মাজত সম্পৰ্ক কমি আহিছে আৰু সমাজৰ কাম কৰা মানুহৰ অভাৱ হৈছে সেয়ে বৃহত্তৰ সনাতনী ধৰ্মৰ সমাজখন ৰক্ষা কৰিবলৈ আমি আগবাঢ়ি আহিছো বুলি মন্তব্য কৰে। লগতে ইছলামিক গোড়ামি আৰু উগ্ৰতাৰ বাবে হিন্দু উগ্ৰ হৈছে বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰে শিলাদিত্যই ।

কোকৰাঝাৰত তেওঁ সংবাদ মাধ্যমৰ আগত কয় – নামাজ আৰু আজানৰ মাজত পাৰ্থক্য আছেয নামাজ ২০ বাৰ পঢ়ক , আপত্তি নাই কিন্তু আজান বন্ধ হ’ব লাগিব । বছৰত ১৮২৫ বাৰ আজান দিয়ে । একেলেথাৰিয়ে ইটোৰ পিছত সিটো মছজিদত দিয়ে নিজকে কিবা আফগানিস্থানত থকা যেন লাগে । বেলেগৰ অসুবিধা মন্দিৰৰ পৰা হোৱা নাই কিন্তু আজানে অসুবিধাৰ সৃষ্টি কৰিছে গতিকে আজান বন্ধ হ’বই লাগিব । আজি নহয় ১০ বছৰ পিছত হ’লেও আজান বন্ধ হ’ব ।

তেওঁ কয় যে, জেহাদিক ভয় নকৰো , বৃহত্তৰ অসমীয়া সমাজক ঐক্যবদ্ধ কৰাৰ বাবে লাগি আছো আৰু হিন্দুৰ বাবে একমাত্ৰ দেশ হ’ল ভাৰত। যিহেতু ভাৰত বিভাজন ধৰ্মৰ ভিত্তিত হৈছিল গতিকে বাংলাদেশত থকা বড়ো, ৰাভাৰ ওপৰত অত্যাচাৰ হ’লে ভাৰতলৈয়ে মন কৰিব । ভাৰতবৰ্ষ হ’ল ৰে’লৱে প্লেটফৰ্মৰ দৰে , যিয়ে আহে সকলোকে আদৰি লয়, ৰোহিংগিয়া মুছলমান সকল ভাৰতত থিতাপি লৈছে বুলিও গুৰুতৰ অভিযোগ কৰে শিলাদিত্যই ।

ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰশিক্ষণ কোনো বেয়া নহয়। ঘৰ- সমাজ বচাব লাগিলে প্ৰশিক্ষণ ল’ব লাগিব বৰং আৰু ভালকৈ প্ৰশিক্ষণ ল’ব লাগে বুলি মন্তব্য কৰে তেওঁ। আৰু কয় যে, বড়োলেণ্ডত বাংলাদেশী সোমাইছে আৰু বড়োলেণ্ড বচাব লাগিলে ইয়াতো ঘৰে ঘৰে প্ৰশিক্ষণ ল’ব লাগিব বুলি মত প্ৰকাশ কৰি বড়োলেণ্ডত মিঞাৰ ভোটেদি সাংসদ – বিধায়ক হ’বলগীয়াটো কথাটো দুৰ্ভাগ্যজনক বুলি কয় শিলাদিত্যই ।

শিলাদিত্য়ই কয়, ভাৰতবৰ্ষ হৈছে ৰামায়ন মহাভাৰতৰ দেশ । এই দেশৰ হিন্দু মানুহ কেতিয়াও উগ্ৰ নাছিল । কিন্তু ইছলামিক ধৰ্মৰ গোড়ামীৰ বাবে হিন্দু সকল উগ্ৰ হ’ব ধৰিলে । তেওঁ ৰামায়ণ মহাভাৰতত মুছলমান চৰিত্ৰ এটাও নাই তেন্তে মুছলমান মানুহ কৰ পৰা আহিল বুলি প্ৰশ্নৰ উত্থাপন কৰি শিলাদিত্যই নিশ্চয় কোনোবা ধৰ্মান্তৰিত হৈছে বা বিদেশৰ পৰা আহিছে বুলি উল্লেখ কৰি তেওঁলোকৰ গোড়ামী আৰু উগ্ৰতাৰ বাবে আজি হিন্দু ল’ৰা ছোৱালী য়ে এইবোৰ পথ লবলৈ বাধ্য হৈছে বুলি দাবী কৰে ।

তেওঁ লাভ জেহাদ , ভূমিৰ অধিকাৰ ইত্যাদি বিষয়ৰ কথা উল্লেখ কৰি এনেদৰে মিঞাৰ সংখ্যা বৃদ্ধি হৈ থাকিলে এদিন ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হব বুলি আশংকা প্ৰকাশ কৰিঅস্ত্ৰ চালনাৰ শিক্ষা লোৱাটো একো বেয়া কাম হোৱা নাই আৰু ঘৰ সংসাৰ সমাজ বচাব লাগিলে প্ৰশিক্ষণ লব লাগিব বুলি দৃঢ়তাৰে দাবী কৰে । ইয়াৰোপৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পিছতে পুণৰাই নৰেন্দ্ৰ মোডীৰ নেৰ্তৃত্বতে চৰকাৰ গঠন হ’ব বুলি দাবী কৰিছে শিলাদিত্যই ।

Exit mobile version