Site icon Guwahati Times

‘ইমান মৰম আৰু আশীৰ্বাদ পাইছো অসমবাসীৰ, ইয়াতকৈ আৰু সুখ নালাগে’ : কৰিশ্মা নাথ

কৰিশ্মা নাথ বুলি ক’লে এতিয়া অসমত হয়তো চিনি নোপোৱা মানুহ নোলাব। বিগত কিছুদিন ধৰি ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল কৰিশ্মা নাথ (Karishma Nath)। নাগাৰা নামেৰে ভাইৰেল হৈ পৰিছিল নাগাৰা নামৰ উদীয়মান শিল্পী কৰিশ্মা নাথ। কৰিশ্মাৰ এটা ভিডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তাৰ পিছত বিতৰ্ক।

কৰিশ্মাই নাগাৰা নাম বিকৃত কৰাৰ অভিযোগ তুলিছিল একাংশই। নাগাৰা নামত বেণ্ড পাৰ্টীৰ সুৰ সুমুৱাই তাত কৰা নৃত্যক লৈ আপত্তি কৰিছিল। সদৌ অসম নাগাৰা নাম সংঘও সৰৱ হৈ পৰিছিল কৰিশ্মা নাথক লৈ। শেহতীয়াকৈ নাগাৰা নাম সংঘই কৰিশ্মাৰ সংগ এৰা বুলিও সংঘৰ ফালৰ পৰা মন্তব্য কৰা হৈছে।

কিন্তু বিতৰ্ক–সমালোচনাৰ পিছত যেন অধিক জনপ্ৰিয় হৈ পৰিছে কৰিশ্মা। এতিয়া কৰিশ্মাৰ আজৰি নাই। প্ৰতিদিনে আহিছে নাম প্ৰদৰ্শনৰ আমন্ত্ৰণ। মাহটোত এটা দিনো জিৰণী নাই কৰিশ্মাৰ! কৰিশ্মাৰ নাম চাবলৈ এতিয়া আগ্ৰহেৰে বাট চাই থাকে হাজাৰ হাজাৰ দৰ্শক। কৰিশ্মাৰ নাম বুলি ক’লেই এতিয়া লোকাৰণ্য হৈ পৰে।
কিন্তু এই সকলোবোৰৰ মাজতে কৰিশ্মাই লাভ কৰিলে এখন পত্ৰ। পত্ৰৰ লগত আহিল উপহাৰো। অপাৰ জনপ্ৰিয়তাৰ পিছত কোনে কৰিশ্মালৈ দিলে চিঠি? কোনে পঠিয়ালে উপহাৰ? এই কথা নিজেই ক’লে কৰিশ্মাই।

Exit mobile version