নিউজ ব্যুৰ’,নগাঁও,২৮জুন:–ইলোৰা বিজ্ঞান মঞ্চৰ ২০সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে । ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল প্রতিভা তথা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকাশৰ লক্ষ্যৰে চলিত মাহৰ পৰাই ৰাজ্যৰ প্ৰতিখন জিলাত পর্যায়ক্রমে এই প্রদর্শনী অনুষ্ঠিত কৰা হৈছে। প্রদর্শনীৰ যাৱতীয় কাম-কাজ আগুৱাই নিবলৈ ইতিমধ্যে ড° জয়ন্তী চুতীয়াক সভাপতি,ড° কালী প্রসাদ শৰ্মাক কাৰ্যকৰী সভাপতি,কমলেশ গুপ্তক সাধাৰণ সম্পাদক আৰু ড° বাসুদেৱ দাসক কোষাধ্যক্ষ হিচাপে লৈ এখনি সমিতি গঠন কৰা হৈছে । গুৱাহাটী প্রেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি সমিতিৰ বিষয়ববীয়াই প্রদর্শনীৰ বিভিন্ন দিশ সন্দৰ্ভত সদৰী কৰে। সংবাদমেলত সমিতিৰ তৰফৰ পৰা জনোৱা অনুসৰি জিলা পৰ্যায়ৰ প্রদর্শনীসমূহৰ পৰা উৎকৃষ্ট মানৰ সৃষ্টিশীল আর্হিসমূহ বাচনি কৰি সেই আৰ্হি অহা ৬ আৰু ৭ জুলাইত আই আই টি,গুৱাহাটীৰ কনফাৰেন্স কেন্দ্ৰত প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে শোণিতপুৰ, দৰং,বিশ্বনাথ,বঙাইগাঁও,ধেমাজি, গোলাঘাট,লখিমপুৰ,শিৱসাগৰ, বৰপেটা আদি জিলাত মঞ্চৰ শাখাসমূহৰ উদ্যোগত বিজ্ঞান আৰ্হিৰ জিলাভিত্তিক প্রদর্শনী অনুষ্ঠিত হৈছে । ইফালে চৰাইদেউ,ডিব্ৰুগড়,কামৰূপ (মহানগৰ),গোৱালপাৰা,মৰিগাঁও, নগাঁও,নলবাৰী,তিনিচুকীয়া আদি জিলাত অহা ২৮,২৯,৩০ জুন আৰু ২ জুলাইত প্রদর্শনী অনুষ্ঠিত হ’ব । ৬ আৰু ৭জুলাইত গুৱাহাটীৰ আই আই টি চৌহদত ৰাজ্যিক স্তৰত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মঞ্চৰ প্রতিখন জিলাই দুটা শাখাৰ দুটাকৈ দলক ৰাজ্যিক ভিত্তিক প্রদর্শনীলৈ বাচনি কৰি পঠিয়াব লাগিব । আই আই টি,গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেবেন্দ্র জালিহালে উদ্বোধন কৰিবলগীয়া ৰাজ্যিক স্তৰৰ বিজ্ঞান আৰ্হিৰ প্রদর্শনী অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্রবন্ধক সহদেৱন ৰাধাকৃষ্ণন। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব “সাদিন-প্রতিদিন গোষ্ঠী”ৰ অধ্যক্ষ তথা “অসমীয়া প্রতিদিন”ৰ সম্পাদক জয়ন্ত বৰুৱা,প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ,অসমৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্র,অসম বিজ্ঞান প্রযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক ড° জয়দীপ বৰুৱা আৰু আই আই টিৰ ডীন অধ্যাপক অনুপম শইকীয়া। উল্লেখ্য যে আই আই টি,গুৱাহাটীত ৬ আৰু ৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীৰ লগতে দুদিনীয়া কাৰ্যসূচীত ছাত্র-ছাত্রীসকলক লৈ কর্মশালা, বক্তৃতানুষ্ঠান আৰু বিজ্ঞানীসকলৰ লগত মত বিনিময়ৰ কাৰ্যসূচী লোৱা হৈছে। নির্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ অহা-যোৱা,থকা-খোৱা আৰু যাৱতীয় খৰচসমূহ বহন কৰাৰ বাবে মঞ্চই ব্যৱস্থা গ্রহণ কৰিছে । আজিৰ সংবাদমেলত প্ৰস্তুতি সমিতিৰ হৈ ড°জয়ন্তী চুতীয়া,ড° পৱন চহৰীয়া,ড° কালীপ্রসাদ শর্মা আৰু কমলেশ গুপ্ত উপস্থিত থাকে ।
ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাই জিলাই বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ আয়োজন

