Site icon Guwahati Times

ঈদৰ নিশা নগাঁৱৰ বেঙেনাআটিত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য

ঈদৰ নিশা নগাঁৱত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য। ৰহস্যজনক অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰে অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে। পৰিয়ালৰ অভিযোগ মতে মহিলাগৰাকীক হত্যা কৰি আত্মহত্যাৰ‌ ৰূপ দিয়া হৈছে।

এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ বেঙেনাআটীত। বোৱাৰীগৰাকী চাহিদা বেগম। বেগমক স্বামী নাজিৰ শ্বেইখ ওৰফে মুকুটে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

চাহিদাৰ পিতৃ পৰিয়ালে দিয়া তথ্য অনুসৰি বিয়াৰ পিছৰে পৰাই নাজিৰে চাহিদাৰ ওপৰত চলাই আহিছিল নিৰ্যাতন। গুৰুত্বপূৰ্ণ যে নাজিৰ শ্বেইখ ওৰফে মুকুট এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version