Site icon Guwahati Times

উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তাক হত্যা কৰি মৃতদেহ শৌচাগাৰত লুকুৱাই থলে স্বামীয়ে!

এইবাৰ হত্যাৰ বলি হ’ল উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তা। তাকো নিজৰ স্বামীৰ হাততে প্ৰাণ হেৰুৱালে অধিবক্তা পত্নীয়ে। কোটিটকীয়া  এটা বাংলো বিক্ৰীক লৈ হোৱা বিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তাক হত্যা কৰা হৈছে বুলি অভিযোগ উঠিছে। 

 
স্বামীৰ বিৰুদ্ধে তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযুক্তজনে তেওঁৰ পত্নীৰ মৃতদেহ নয়ডাৰ বাংলোৰ শৌচালয়ত লুকুৱাই ৰাখিছিল। হত্যাৰ পিছত তেওঁ বাংলোটোৰ এটা কোঠাত   প্ৰায় ৩৬ ঘণ্টা লুকাই আছিল। অৱশ্যে দিল্লী আৰক্ষীয়ে ফোন  ট্ৰেক কৰি  অভিযুক্ত স্বামীক  আটক কৰিবলৈ সক্ষম হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি, ৬১ বছৰীয়া অধিবক্তা  ৰেণু সিনহাক তেওঁৰ স্বামীয়ে হত্যা কৰিছে।  নয়ডাৰ চেক্টৰ ৩০ ত থকা তেওঁলোকৰ বাংলোৰ শৌচালয়ৰ পৰা ৰেণু সিনহাৰ  মৃতদেহ উদ্ধাৰ কৰা হৈছে। 
 
দম্পতীহালে বাংলোটোত বহু দুনৰে পৰা বাস কৰি আছিল।তেওঁলোকৰ একমাত্ৰ পুত্ৰ দেশৰ বাহিৰত থাকে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  বাংলোটো বিক্ৰী কৰাকলৈয়েই  ৰেণুৰ স্বামী নীতিন নাথ সিনহাৰ সৈতে বিবাদ হৈছিল। বাংলোটো বিক্ৰীত  ৰেণুৰ আপত্তি আছিল। আনহাতে নিটিনে তেওঁৰ সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে। তেওঁ ক্ৰেতাৰ পৰা আগধনো হৈছিল। এইক্ষেত্ৰত তেওঁ তেওঁৰ পত্নীক হত্যা কৰি বাটকৰ কাঁইট আঁতৰাব বিচাৰিছিল।
 
দুদিন ধৰি ৰেণুক তেওঁৰ ভায়েে  ফোনত  পোৱা নাছিল। তেওঁ পিছত  আৰক্ষীক বিষয়টো অৱগত কৰে। একেদিনাই আৰক্ষীয়ে বাংলোটোৰ শৌচালয়ৰ পৰা ৰেণুৰ মৃতদেহ উদ্ধাৰ কৰে। অৱশ্যে, নিতিনক প্ৰথমে আৰক্ষীয়ে  বিচাৰি পোৱা নাছিল। তেওঁ বাংলোটোৰ এটা সৰু কোঠাত লুকাই আছিল। অৱশেষত বহু সময়ৰ পিছত আৰক্ষীয়ে মোবাইল ফোন ট্ৰেক কৰি অভিযুক্তজনক আটক কৰে। নিতিনক ইতিমধ্যে  গ্ৰেপ্তাৰ কৰা হৈছে।
Exit mobile version