Site icon Guwahati Times

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক আহমেদাবাদত নিৰ্মম প্ৰহাৰ! CCTVত বন্দী ভয়ংকৰ দৃশ্য, চাওক ভিডিঅ’

গুজৰাটৰ আহমেদাবাদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্মম প্ৰহাৰ। দুজন লোকৰ সন্মুখতে আন এজনে উপৰ্যুপৰি প্ৰহাৰ কৰে যুৱতীগৰাকীক। চৰ, গোৰ, ভুকু, ঘোচাৰ লগতে চুলিত ধৰি এটা কোঠাৰ ভিতৰলৈ সুমুৱাই নিছে যুৱতীক। লোকজনৰ প্ৰহাৰৰ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচিটিভি কেমেৰাত।

যুৱতীগৰাকীৰ শৰীৰৰ কাপোৰ পৰ্যন্ত ফালি চিৰাচিৰ কৰিলে মানৱ ৰূপী দানৱটোৱে। আহমেদাবাদৰ সিন্ধু ভৱন ৰোডৰ এখন লেডিজ স্পাত যুৱতীগৰাকীক এইদৰে প্ৰহাৰ কৰাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উল্লেখযোগ্য যে, যুৱতীগৰাকীৰ ভাষ্য অনুসৰি মহছিনৰ সৈতে মিলি এই মহিলা স্পা চেলুনখন খুলিছিল যুৱতীগৰাকীয়ে। পিছে দুই সহযোগীৰ মাজত হোৱা সংঘাতৰ পৰিণতিতে আক্ৰমণৰ বলি হ’ব লগা হ’ল যুৱতীগৰাকী। এই ঘটনাৰ পিছতেই অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

Exit mobile version