Site icon Guwahati Times

এই ৰাশিৰ ওপৰত পৰিছে শনিৰ কোপদৃষ্টি! পৰিত্ৰাণ পাবলৈ কৰক এই কাম

প্ৰায় সকলোৰে জীৱনলৈ বিভিন্ন ধৰণৰ সমস্যা আহে। স্বাস্থ্য, শিক্ষা, পাৰিবাৰিক সমস্যা আদি না না‌ সমস্যাই মানুহক অশান্তি দিয়ে। জ্যোতিষীৰ মতে চলিত বছৰটোত কুম্ভ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত কিছু অশুভ প্ৰভাৱ পৰিলক্ষিত হয়। জ্যোতিষী ড০ হৰধন শৰ্মাই কুম্ভ ৰাশিৰ জাতক-জাতিকাই কি কৰিলে সুফল পাব পাৰে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে।

জ্যোতিষীগৰাকীয়ে উল্লেখ কৰা মতে, কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ বৰ্তমান শনিৰ কোপদৃষ্টি চলি আছে। যাৰ বাবে এই ৰাশি লোকৰ কৰ্মক্ষেত্ৰত বাধা, চেষ্টাত বিফল‌ হোৱাৰ লগতে পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। বিশেষকৈ এপ্ৰিলৰ পৰা মে’ৰ ১৮ তাৰিখলৈকে কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ শাৰীৰিক দুৰ্ঘটনা, পাৰিবাৰিক অশান্তি অৰ্থাৎ স্বামী-স্ত্ৰীৰ মাজত গৃহকন্দল দেখা যাব পাৰে। পাৰিবাৰিক অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ এই ৰাশিৰ লোকে কেইটামান বিশেষ কাম কৰিব পাৰে। তেওঁলোকে কি কৰিলে পাৰিবাৰিক অশান্তি দূৰ হ’ব সেই সম্পৰ্কে জ্যোতিষী ড০ হৰধন শৰ্মাই আগবঢ়োৱা পৰামৰ্শবোৰ জানক।

জ্যোতিষীগৰাকীৰ মতে, যিসকলৰ পাৰিবাৰিক অশান্তি হৈছে তেওঁলোকে প্ৰতি মঙলবাৰে হনুমান চালিছা পঢ়িব পাৰে। লগতে নিশা শুৱাৰ আগত এটা লং আৰু এটুকুৰা কৰ্পুৰ একেলগে লগলগাই ৰূপৰ সৰু বাতি এটাত জ্বলাই শুব পাৰে। এইকেইটা কাম কৰিলে পাৰিবাৰিক অশান্তিৰ পৰা বহুখিনি সকাহ পাব। পাৰিলে মঙলবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। পুৰুষজনে হনুমান মন্দিৰৰ পৰা হনুমান মূৰ্তিৰ বাওঁ ভৰিৰ পৰা সেন্দুৰ অলপ আনি যদি পত্নীয়ে পিন্ধা সেন্দুৰখিনিৰ লগত মিহলাই থয়, তেতিয়া বহুখিনি পাৰিবাৰিক অশান্তিৰ পৰা পৰিত্ৰাণ পাব। লগতে পত্নীয়ে প্ৰতিদিনে হনুমান চালিছা পঢ়িব পাৰে। আৰু প্ৰতি মঙলবাৰে ৰঙা চন্দন গা ধোৱা পানীত মিহলাই গা ধোব পাৰে। ৰঙা চন্দন তিলক হিচাপে পিন্ধিব পাৰে। ইয়াৰোপৰি গাই গৰুক যদি গুৰ খোৱাই তেতিয়াও পাৰিবাৰিক অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰিব।

Exit mobile version