Site icon Guwahati Times

এজনী মৰমলগা কণমানিৰ মৃত্যুৱে কন্দুৱাইছে নলবাৰীবাসীক, হাস্পতালৰ ভুলৰ বাবেই প্ৰাণ গ’ল নেকি ঈশানীৰ?

এজনী কণমানিৰ মৃত্যুৱে কন্দুৱাইছে নলবাৰীবাসীক। এণ্টিভেনম বেজী নোপোৱাৰ বাবেই কণমানিজনীৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া বিতৰ্কত সোমাই পৰিছে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল। এটা বেজীৰ অভাৱত এগৰাকী ফুল কুমলীয়া ছাত্ৰীৰ মৃত্যুৰ অভিযোগে কঁপাইছে নলবাৰী।

ঘটনাৰ বিৱৰণী অনুসৰি, নলবাৰীৰ তন্ত্ৰশংকৰা গাঁৱৰ বাসিন্দা তথা অভ্যাসন বিদ্যালয়ৰ ‘ক’ শ্ৰেণীৰ ছাত্ৰী ঈশানী কাশ্যপক মঙলবাৰে নিশা সাপে দংশন কৰিছিল। তাৰ পিছতে কণমানিজনীক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। নলবাৰী মেডিকেল কলেজত কণমানিজনীৰ চিকিৎসা কৰা হয় যদিও এণ্টিভেনম নিদিয়াকৈ প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যাললৈ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ঈশানী কাশ্যপে।

নলবাৰী মেডিকেল কলেজ হাস্পতালত এণ্টিভেনাম দিলে হয়তো মৃত্যু নহ’লহেঁতেন কণমানিজনীৰ। বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ মৃতদেহ নিজ বিদ্যালয়লৈ আনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ–ছাত্ৰী আৰু উপস্থিত অভিভাৱকসকলে। বিদ্যালয়ত ছাত্ৰী ঈশানী কাশ্যপৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা সময়ত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ঈশানীৰ ঘৰখনতো এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

ইপিনে, নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰীগৰাকীৰ পৰিয়ালে৷ কিয়নো ছাত্ৰীগৰাকীক উক্ত নিশাই প্ৰয়োজনীয় এণ্টিভেনম ইনজেকচন নিদিয়াৰ অভিযোগ পৰিয়ালৰ৷ তাৰ পিছতে পুৱা সংকটজনক অবস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ছাত্ৰীগৰাকীক। কিন্তু GMCHত শেষ নিশ্বাস ত্যাগ কৰে ঈশানীয়ে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে শ্বহীদ মুকুন্দক কাকতি অসামৰিক চিকিৎসালয় নোহোৱা কৰি স্থাপন কৰা নলবাৰী মেডিকেল কলেজ হাস্পতালত আচলতে চিকিৎসাৰ নামত চলিছে কি?

 

আনহাতে, এই ঘটনাৰ পিছতে ঘটনাৰ তদন্ত ঘোষণা কৰিলে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। কিহৰ বাবে ছাত্ৰীগৰাকীক সৰ্প দংশনৰ পিছতো দিয়া ন’হল এণ্টিভেনম বেজী তাৰ তথ্য বিচাৰি তদন্ত ঘোষণা কৰা হৈছে।

NMCHত সেই সময়ত এণ্টিভেনম মজুত আছিল নে নাছিল? যদি আছিল কিয় কণমানিজনীক এই বেজী দিয়া নহ’ল? এই সকলো বিষয়ৰ উত্তৰ বিচৰা হৈছে কৰ্তৃপক্ষৰ পৰা। আজি দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন৷ বৰ্তমান নলবাৰী মেডিকেল কলেজত চলি আছে কণমানি ছাত্ৰীৰ মৃত্যুৰ তদন্ত৷

Exit mobile version