Site icon Guwahati Times

এটা আত্মসহায়ক গোটৰ সদস্য সকল স্বাৱলম্বীৰ দিশত আগুৱাই যোৱাৰ এটি ক্ষুদ্র প্ৰয়াস ৷

শিৱসাগৰৰ আমগুৰি সমষ্টিৰ খনামুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰগতিশীল নামৰ আত্মসহায়ক গোটৰ সদস্যই এটি সামান্য এটি সাহায্যৰে স্বাৱলম্বীৰ দিশত আগুৱাই যোৱাৰ এটি ক্ষুদ্র প্ৰয়াস,
প্ৰগতিশীল নামৰ এটি আত্মসহায়ক গোটৰ ১০ গৰাকী সদস্যই দৃষ্টি নামৰ স্বেস্বাসেৱী অনুষ্ঠানটিৰ পৰা এটি সামান্য প্ৰশিক্ষণ লৈ পেলনীয়া সামগ্রী ছাই , হালধীৰ পৰা চাবোন প্ৰস্তুত কৰি ওলিৱাৰ লগতে , কাঠফুলাৰ খেতি,মুগা-পলুৰ পুহি, ঘৰুৱা বিভিন্ন খাদ্য সামগ্রী পিঠা-পনা আদিকে ধৰি ঘৰুৱা ভাবে বনাই গোটৰ সদস্য সকলৰ লগতে গাঁৱৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি সদস্যৰ পৰিয়ালৰ লগতে প্ৰগতিশীল আত্মসহায়ক গোটটো যথেষ্ট উপকৃত হৈছে যদিও পিছ পৰা বানপিড়ীত অঞ্চলৰ মহিলা সকল আৰ্থিক স্বাৱলম্বী দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীৰো সহায় সহযোগিতা আগবঢ়াবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে

 

Exit mobile version