এতিয়াৰ পৰা ‘চুতীয়া’ শব্দটো ব্যৱহাৰ কৰোতে সাৱধান হওক। ইচ্ছা কৰিলেই যেতিয়াই মন যায় তুচ্ছ তাচ্ছিল্য কৰিবলৈ ‘চুতীয়া’ শব্দটো কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব৷ ‘চুতীয়া’ শব্দটো ব্যৱহাৰক লৈ শীঘ্ৰে আহিব পাৰে কঠোৰ আইন৷
অসমৰ এক পুৰণি জনগোষ্ঠী চুতীয়া জনগোষ্ঠী৷ চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ মনত আঘাত দি সময়ে সময়ে তুচ্ছ তাচ্ছিল্য, অশালীন অৰ্থত ব্যৱহাৰ কৰা দেখা যায় ‘চুতীয়া’ শব্দটো৷ এই বিষয়টোক লৈ সোমবাৰে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সংগঠন বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে।
‘‘আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলোঁ৷ চুতীয়া শব্দটোক তুচ্ছ-তাচ্চিল্য কৰি ব্যৱহাৰ কৰিলে আমি দুখ পাওঁ৷ মাজতে এজন চুতীয়া উপাধিৰ অধ্যক্ষক তুচ্ছ-তাচ্ছিল্য কৰিছে৷ এই কথাবোৰে আমাৰ জনগোষ্ঠীয় লোকসকলক বেজাৰ দি আহিছে৷ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে এখন আইন অনাৰ৷’’ – এইদৰে ক’লে চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ চুতীয়াই।
‘চুতীয়া’ শব্দটো তাচ্ছিল্যৰ অৰ্থত ব্লেক এণ্ড হোৱাইট ছবিত ব্যৱহাৰ কৰা অভিনেতা ৰবি শৰ্মাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে জনগোষ্ঠীটোৰ এইসকল নেতাই৷ একে সময়তে ‘ছিংকী’ শব্দটো ব্যৱহাৰ যিদৰে বন্ধ হ’ল, ‘চুতীয়া’ শব্দৰ ব্যৱহাৰো তুচ্ছ তাচ্ছিল্যৰ ক্ষেত্ৰত দেশজুৰি ব্যৱহাৰ বন্ধ হ’ব বুলি আশাবাদী চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ চুতীয়া৷
জনগোষ্ঠীটোৰ জনজাতিকৰণৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবী অৱশ্যেই সোনকালে পুৰণ নহয়৷ সেই কথাৰো আভাষ মুখ্যমন্ত্ৰীয়ে দিলে জনগোষ্টীটোৰ প্ৰতিনিধিক৷ ‘‘জনজাতিকৰণৰ দাবী আমাৰ দীৰ্ঘদিনৰ৷ এই দাবী সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে আলোচনা চলি থকাৰ কথা কৈছেয৷ কিন্তু সময় লাগিব এয়া হওঁতে৷’’ – ক’লে কৌস্তভ চুতীয়াই।

