Site icon Guwahati Times

এতিয়া জেইলতে দিন কটাব লাগিব অৰ্ণৱ গোস্বামীয়ে, শুকুৰবাৰলৈ স্থগিত জামিন আবেদনৰ শুনানি

বোম্বে উচ্চ ন্যায়ালয়ে ২০১৮ চনৰ এজন ইনটেৰিয়ৰ ডিজাইনাৰ আত্মহত্যাৰ এক গোচৰৰ সৈত সম্পৰ্ক থকাৰ অভিযোগতল গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভি সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৰ্ৱৰ্তী জামিনৰ আবেদন প্ৰত্যাখান কৰিছে। গোস্বামী আৰু আন অভিযুক্ত ফিৰোজ শ্বেখ আৰু নীতিশ সাৰদাইঈ তেওঁলোকক অন্যায় আৰু অবৈধভাৱে আটক কৰা হৈছে বুলি অন্তবৰ্তী জামিনৰ বাবে আবেদন জনাইছিল।
উচ্চ ন্যায়ালয়ে গোস্বামীৰ জামিনৰ আবেদন নিম্ন আদালতলৈ স্থানান্তৰিত কৰে। উল্লেখযোগ্য যে, নিম্ন আদালতে চাৰি দিনৰ ভিতৰত তেওঁৰ জামিন আবেদনৰ সিদ্ধান্ত গ্ৰহণ কৰিব।অৰ্থাৎ এতিয়া জেইলতে দিন কটাব লাগিব অৰ্ণৱ গোস্বামীয়ে। অৰ্ণৱ গোস্বামীয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে সোমবাৰে দুপৰীয়া জামিনৰ বাবে চেচন আদালতৰো কাষ চাপিছিল।
আনহাতে, দিল্লী উচ্চ আদালতে সোমবাৰে চাৰিটা বলীউড সংগঠন আৰু ৩৪ জন প্ৰযোজকে ৰিপাব্লিক টিভি আৰু টাইমছ নাও চেনেলত হিন্দী চিনেমা উদ্যোগ আৰু ইয়াৰ সদস্যসকলৰ বিৰুদ্ধে “অজ্ঞানহীন, অসন্মানজনক আৰু মানৱতাপূৰ্ণ” মন্তব্য প্ৰকাশ কৰাৰ বাবে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰিব।

Source: AsomiyaPratidin

 

Exit mobile version