Site icon Guwahati Times

এনচিচিত তৃতীয় লিংগৰ লোকৰ অন্তর্ভুক্তিৰ নির্দেশ কেৰালা হাইক’ৰ্টৰ

এক ঐতিহাসিক ৰায়দানত কেৰালা উচ্চ ন্যায়ালয়ে ট্রেন্স জেণ্ডাৰ বা তৃতীয় লিংগৰ মহিলাক নেচনেল কেডেট ক’পছত (এনচিচি)ত অন্তর্ভুক্ত কৰাৰ নির্দেশ দিছে৷ ন্যায়াধীশ অণু শিৱৰমণে এগৰাকী ট্রেন্স মহিলাৰ আবেদনৰ শুনানি গ্রহণ কৰি এই ঐতিহাসিক ৰায়দান কৰিছে৷ ১৯৪৮ চনৰ নেচনেল কেডেট ক’পছ এক্টৰ এক বিশেষ ধাৰাক প্রত্যাহ্বান জনাইছিল ট্রেন্স মহিলাগৰাকীয়ে৷ এই ধাৰা অনুসৰি এন চি চিত ট্রেন্স জেণ্ডাৰ লোকৰ অন্তর্ভুক্তিত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷

কেৰালা উচ্চ ন্যায়ালয়ে ট্রেন্স জেণ্ডাৰ লোকৰ (সুৰক্ষা আৰু অধিকাৰ) আইন ২০১৯ৰ অধীনত এন চি চিত তৃতীয় লিংগৰ ব্যক্তিৰ অন্তর্ভুক্তিত বাধা থাকিব নালাগে বুলি ঘোষণা কৰিছে৷ অর্থাৎ তৃতীয় লিংগৰ ব্যক্তিৰ অধিকাৰ আৰু সুৰক্ষাক গুৰুত্ব প্রদান কৰিয়েই এন চি চিত তেওঁলোকৰ অন্তর্ভুক্তি প্রয়োজন বুলি অভিহিত কৰিছে ন্যায়ালয়ে৷

Source – Niyomiyabarta
Exit mobile version