Site icon Guwahati Times

কটনৰ জাননীকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপঃ কোনো কাৰণতে তৃতীয়পক্ষক দিয়া নহয় বিশ্ববিদ্যালয় চৌহদ

বহিৰাগতক ভাড়াত দিব কটন বিশ্ববিদ্যালয়! বিশ্ববিদ্যালয়ৰ ৰাজহ সংগ্ৰহত ব্যৱহাৰ হ’ব বিশ্ববিদ্যালয় চৌহদ। বিশ্ববিদ্যালয় চৌহদ ভাড়াত দিবলৈ ৬ জনীয়া কমিটি গঠন ৷ ৬ জনীয়া কমিটিয়ে নিৰ্ধাৰণ কৰিব কোনটো স্থান ভাড়াত দিব বিশ্ববিদ্যালয়ে ৷ কটন বিশ্ববিদ্যালয় চৌহদ ভাড়া প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে সৰব ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক, অৰাজনৈতিক দল সংগঠন ৷ বিশ্ববিদ্যালয়খনৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ ৷ দেশৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ক পৈত্ৰিক সম্পত্তিৰূপে ব্যৱহাৰৰ অভিযোগ ছাত্ৰ সমাজৰ ৷ যাৰ বিৰুদ্ধে কঠোৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, অভিভাৱক তথা ছাত্ৰ একতা সভা ৷

বিশ্ববিদ্যালয় চৌহদ ভাড়াত প্ৰদান কৰি ৰাজহ সংগ্ৰহৰ সিদ্ধান্ত হঠকাৰী আৰু স্বেচ্ছাচাৰী আখ্যা ছাত্ৰ সমাজৰ৷ এনে সিদ্ধান্ত কোনোকালে মানি নলয় বুলি সকীয়াই দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ৷ দেহত শেষ বিন্দু তেজ থকালৈ এক ইঞ্চি মাটিও এৰি নিদিয়ে বুলি দাবী কৰে কটনিয়ানে ৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সভাপতি উৎপল শৰ্মাৰ ৷ “ছাত্ৰ সমাজক অন্ধকাৰত ৰাখি “এদেও দুদেও কৰি লোটা নিয়াৰ চেও” ধৰিছে চৰকাৰে ৷ দক্ষিণ পূৱ এচিয়াৰ উচ্চ শিক্ষাৰ হাৱ স্থাপন কৰাৰ সপোন দেখুওৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া বিক্ৰী কৰিব বিচাৰিছে ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানখনক ৷ ৰাজ্যৰ আৰ্থিক দুৰাৱস্থাৰ এয়া অন্যতম ছবি”, বুলি দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ ৷

ছাত্ৰ সংগঠনৰ এনে প্ৰতিক্ৰিয়াৰ পিছতে নিজৰ স্থিতি স্পষ্ট কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰিন্দম গাৰ্গে ৷ শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিশ্ববিদ্যালয় চৌহদত দিব ভাড়া ৷ হোটেল, জেৰক্স দোকানৰ স্থান নিৰ্ণয় কৰিব বাবে গঠন কৰিছিল ৬ জনীয়া কমিটি ৷ বিশ্ববিদ্যালয় চৌহদৰ ভূমি বিক্ৰী অথবা লীজত প্ৰদান কৰাৰ কোনো কথা নাই ৷ এনে ভূমি বিক্ৰীৰ প্ৰসংগ মাথোন অপব্যাখ্যা বুলি দাবী পঞ্জীয়কগৰাকীৰ ৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে কৰা এনে মন্তব্যক উভতি ধৰিছে ছাত্ৰ একতা সভাই ৷ যদি ভূমি প্ৰদানৰ প্ৰসংগই নাই তেন্তে মাষ্টাৰ প্লেনৰ প্ৰসংগ কিয় আহিল ৷ একেদৰে সংবাদ মাধ্যমত বাতৰি পৰিবেশনৰ পিছত কিয় ৱেবছাইটৰৰ পৰা আঁতৰ হল জাননী ৷ তাকলৈ প্ৰশ্ন ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু দাসৰ ৷ সেয়ে এতিয়া বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সকীয়নি যদি প্ৰকাশ পোৱা জাননী বাতিল নহয় তেন্তে কঠোৰ প্ৰতিবাদৰ মুখামুখি হ’ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ সেয়ে সময় থাকোতে জাননী বাতিল কৰাৰ হুংকাৰ ছাত্ৰ একতা সভাৰ ৷ ইমানে নহয় বিশ্ববিদ্যালয়ৰ ভূমিত SBI শাখা স্থাপন কৰিব বিচৰা বিষয়টো ছাত্ৰ সমাজৰ পৰা লুকুৱাৰ অভিযোগ ছাত্ৰ একতা সভা ৷ সেয়ে এতিয়া ছাত্ৰ শক্তিৰ এনে হুংকাৰ সকীয়নিৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষণীয় ৷

Exit mobile version