Site icon Guwahati Times

কমিছে উপাৰ্জন, বাঢ়িছে সন্দেহ! পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক হত্যা, কথমপি বাচি গ’ল ১১ বছৰীয়া কন্যা

ছাজিদৰ চাকৰি নাই, ব্যৱসায়ো মন্দা। গেলামালৰ দোকানত দীঘলীয়া হৈ আহিছে ছাজিদৰ বাকীৰ খাতা। হাতত ফুটাকড়ি এটাও নাই। মোবাইল এছেচৰিজৰ দোকানখনতো নহা হৈছে গ্ৰাহক, কাজেই মুড বেয়া ছাজিদৰ। পুৱাই ঘৰৰ পৰা ওলাই অহা ছাজিদে ইফালে সিফালে ঘুৰি ফুৰে দিনৰ দিনটো। তেনেকৈ ঘুৰি ফুৰাৰ মাজতে এদিন দুপৰিয়া ঘৰলৈ উভতি গৈছিল ছাজিদ। কিন্তু ঘৰৰ দুৱাৰদলিত উপস্থিত হোৱা মাত্ৰকে ভিতৰত কোনোবা থকাৰ উমান পাই ৰৈ গ’ল ছাজিদ। ভিতৰলৈ জুমি চালে ছাজিদে। কাকো দেখা নাপালে। বহুসময় ৰোৱাৰ পাছতো আগন্তুকৰ পৰিচয় উদ্ধাৰ কৰিব নোৱাৰিলে ছাজিদে।

হতাশ হৈ সেইদিনা ঘৰৰ পৰা আঁতৰি গ’ল যদিও ছাজিদে বুকুত কঢিয়াই নিলে সন্দেহৰ এটুকুৰা শিল। সেইদিন ধৰি মোবাইল এচেচৰিজৰ দোকানত গ্ৰাহকলৈ অপেক্ষা কৰাৰ উপৰিও পত্নীৰ ওপৰত চোৰাংচোৱাগিৰি কৰাৰ কামটো বাঢ়িল ছাজিদ। তেনেদৰে কিছুদিন পাৰ হৈ যোৱাৰ পাছত দেওবাৰে মাজ ৰাতি হঠাৎ ছাজিদৰ বন্ধ ঘৰৰ পৰা ভাঁহি আহিল পত্নী আৰু কন্যাৰ আৰ্তচিৎকাৰ। মৰণকাতৰ চিঁঞৰ ছাজিদৰ ঘৰৰ সন্মুখ পালেহি একাংশ চুবুৰীয়া।

ঘটনাটো পূৱ দিল্লীৰ। সোমবাৰে পুৱতি নিশা ১ বাজি ৬ মিনিটত বাৰে বাৰে ৰিং হ’ব ধৰিলে পূৱ দিল্লীৰ জাফৰাবাদ থানাৰ ফোন। কনিষ্টবল এজনে ফোন তোলোতেই খবৰ পালে এটা হত্যাকাণ্ডৰ। ছাজিদে উপৰ্যুপৰি ছুৰীকাঘাতেৰে হত্যা কৰিছে পত্নীক। শোৱাপাটীতে পত্নীক বাৰে বাৰে ছুৰীৰে আঘাত কৰোতে বাধা দিয়াৰ চেষ্টা কৰিছিল ১১ বছৰীয়া কন্যাই। কিন্তু পত্নীৰ পৰকীয়া প্ৰেমৰ সন্দেহত হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা ছাজিদে কন্য়াৰ বাধা উফৰাই শোৱাপাটীতে হত্যা কৰিলে পত্নীক। ছুৰীকাঘাতৰ পৰা কন্যা কোনোমতে বাছিল যদিও প্ৰতিবেশীয়ে ছাজিদক হাতে-লোটে কৰায়ত্ব কৰি গতাই দিলে জাফৰাবাদ আৰক্ষীক।
হাতত ধন বিত নথকা অৱস্থাত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক হত্যা কৰি ৩৬ বছৰীয়া ছাজিদে জেলৰ ভাত খাব লগা ঘটনাই উদঙাই দিছে সমাজৰ আন এখন ভয়ংকৰ ছবি।

Exit mobile version