Site icon Guwahati Times

কাইলৈ বন্ধ থাকিব বেংক! যাৱতীয় কাম কৰি লওক আজিয়েই

বেংকৰ সৈতে জড়িত কোনো কাম আছে যদি কৰি লওক আজিয়েই। কিয়নো কাইলৈ অর্থাৎ ২৬ নৱেম্বৰত বন্ধ থাকিব বেংক। ইতিমধ্যে বেছিভাগ বেংকেই তেওঁলোকৰ গ্ৰাহকসকলক জনাইছে এই কথা।

উল্লেখ্য যে কাইলৈ কোনো চৰকাৰী ছুটি নাই যদিও কেন্দ্রীয় ট্রেড ইউনিয়নৰ ধর্মঘট বাবেই বন্ধ থাকিব বেংকসমূহ। দেশজুৰি কাইলৈ সাধাৰণ ধর্মঘট পালন হ’ব। অল ইন্ডিয়া বেংক কর্মচাৰী ইউনিয়ন (এআইবিইএ ) এই ধর্মঘটত যোগ দিয়াৰ কথা ঘোষণা কৰিছে।

এআইবিইএ জনাইছে,চৰকাৰী বেংক, বেচৰকাৰী বেংক, আঞ্চলিক গ্রামীণ বেংক আৰু বিদেশী বেংকসমূহৰ প্রায় ৩০,০০০ কর্মচাৰীয়ে এই ধর্মঘটত অংশ গ্ৰহণ কৰিব।

Exit mobile version