Site icon Guwahati Times

কাকজানত অচেতন অৱস্থাত যুৱকক উদ্ধাৰ l

টীয়কৰ প্ৰতিবেদক ২ এপ্রিল /২৩

টীয়কৰ কাকজান বেচাপতি পথত আৰোহণ একাডেমীৰ পাছফালে আজি অচেতন অৱস্থাত পৰি থকা এজন যুৱক উদ্ধাৰ হয়।যুৱকজন পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীক ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ যুৱকজনক কাকজান হস্পিতাললৈ লৈ আহে যদিও কাকজান হস্পিতালত চিকিৎসকে বহু চেষ্টা কৰিও চেতনা ঘূৰাই আনিব নোৱাৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

প্ৰায় ২৪ বছৰীয়া যুৱকজন মৃদুল আলী আৰু ঘৰৰ কাকজান কমাৰখাটোৱালত বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে উদ্ধাৰৰ অৱস্থাত যুৱকজনে অধিক মদ্যপান কৰি আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে আৰু নিচাতে এইদৰে অচেতন হৈ পৰি আছিল বুলি সন্দেহ কৰিছে।ইপিনে ইতিমধ্যে যুৱকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

Exit mobile version