Site icon Guwahati Times

কাজিৰঙাৰ গঁড় নিধনত জড়িত চোৰাংচিকাৰীৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা

যোৱা ২৬ মাৰ্চত কাজিৰঙাত খড়্গহীন গঁড়ৰ মৃতদেহ উদ্ধাৰৰ পিছতে ৰাজ্যত পুনৰ চোৰাং চিকাৰীৰ উপস্থিতি প্ৰমাণিত হয়। বিগত ২০২২ বৰ্ষত কাজিৰঙাত গঁড় হত্যাৰ সংখ্যা শূন্য আছিল যদিও এই বৰ্ষত উক্ত গঁড়টোৰ খড়্গহীন মৃতদেহ উদ্ধাৰৰ ঘটনা উদ্বেগজনক ৰূপে পৰিগণিত হৈছিল।

এনে পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষীয়ে ঘোষণা কৰিছে অপৰাধীৰ সম্ভেদ দিওঁতাৰ বাবে ৫ লাখ টকাৰ পুৰস্কাৰ। এই দুষ্কাৰ্যৰে জড়িত চোৰাং চিকাৰীৰ যিকোনো এজনৰ সঠিক সম্ভেদ দিওঁতাক ৫ লাখ টকাৰে পুৰস্কৃত কৰাৰ লগতে তেওঁৰ পৰিচয় গোপনে ৰখাৰ প্ৰতিশ্ৰুতিৰে জাননী জাৰি কৰিছে। সম্ভেদ দিয়াৰ বাবে নগাঁও আৰক্ষীয়ে দুটা ফোন নম্বৰো (৬০২৬৯০৩৩৫৪ আৰু ৯১২৭২৬৮৮১২) দিছে।

উল্লেখ্য, ৰাষ্ট্রীয় উদ্যান কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ কাঠপৰা শিবিৰ এলেকাত গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল। চোৰাং-চিৰাকীয়ে ৪-৫ দিন পূৰ্বে হত্যা কৰা বুলি অনুমান কৰিছিল বন বিভাগে।

 

Exit mobile version