Site icon Guwahati Times

‘কা’ আন্দোলনৰ সময়ত জুবিনে চৰকাৰী এজেণ্টৰূপে কাম কৰিছিল : অ জা পৰ সম্পাদক ৰাজু ফুকন

সোমবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই এক অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত উপস্থিত আছিল কণ্ঠশিল্পী জুবিন গাৰ্গ। অনুষ্ঠানত শিল্পীগৰাকীয়ে এক প্ৰশ্নোত্তৰত অসম জাতীয় পৰিষদ দলটোৰ সন্দৰ্ভত এক মন্তব্য কৰিছিল।

জুবিন গাৰ্গে দলটোৰ প্ৰতি কৰা বিৰূপ মন্তব্য সন্দৰ্ভত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনে তীব্ৰ গৰিহণা দিয়ে। মঙলবাৰে গোলাঘাটত তেওঁ কয়- ‘জুবিন গাৰ্গৰ দৰে এজন ফটুৱা লোকে এটা আঞ্চলিক দলৰ ওপৰত তথা জাতীয় পৰিষদৰ দৰে এটা দলক ফটুৱা বুলি ক’বলৈ লাজ লাগিব লাগিছিল।’

লগতে সম্পাদক ফুকনে কয়- ‘তেওঁৰ হয়তো মগজুৰ বিকাৰ ঘটিছে,সেয়ে তেওঁ আবোল তাবোল বকিবলৈ আৰম্ভ কৰি দিছে।’ জুবিন গাৰ্গক তীব্ৰ সমালোচনা কৰাৰ লগতে গৰিহণা দি কয়- ‘জুবিনে কা আন্দোলনৰ সময়ত চৰকাৰী এজেণ্টৰূপে কাম কৰিছিল।’ শিল্পীগৰাকীক ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ অ জা পৰ সম্পাদক ফুকনে সকিয়নি প্ৰদান কৰে ।

Exit mobile version