Site icon Guwahati Times

কি ভুল কৰিলে কেকে-মোহনে? ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি অনুতপ্ত নেকি সিদ্ধাৰ্থ-দ্বীপজ্যোতি?

কেকে-মোহন বুলি ক’লে অসমত চিনি নোপোৱা মানুহ হয়তো নোলাব। ‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকৰ জৰিয়তে অসমবাসীৰ অতিকে আপোন হৈ পৰিছিল অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কেকে আৰু দ্বীপজ্যোতি কেওট ওৰফে মোহন। তেওঁলোকৰ কমেডীয়ে প্ৰতিজন দৰ্শককে যোগাইছিল হাঁহিৰ খোৰাক। এই দুগৰাকী অভিনেতাৰ বাবেই ‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকখন একপ্ৰকাৰ জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছিল। কিন্তু কিছুদিন পূৰ্বৰে পৰা ‘বেহাৰবাৰী আউটপোষ্ট’ত দেখা যোৱা নাই এই দুগৰাকী অভিনেতাক।

‘বেহাৰবাৰী আউটপোষ্ট’ এৰাৰ কাৰণ মুকলিকৈ প্ৰকাশ কৰা নাই সিদ্ধাৰ্থ শৰ্মা আৰু দ্বীপজ্যোতি কেওটে। কিন্তু ‘বেহাৰবাৰী আউটপোষ্ট’ এৰাৰ পিছত তেওঁলোকে আন এটা মনোৰঞ্জনধৰ্মী চেনেলৰ এখন ধাৰাবাহিকত অভিনয় কৰি আছে। কিন্তু ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি অনুতপ্ত নেকি সিদ্ধাৰ্থ শৰ্মা আৰু দ্বীপজ্যোতি!

শেহতীয়াকৈ কেকে ওৰফে সিদ্ধাৰ্থ শৰ্মাই ফেচবুকত এটা পোষ্ট লিখিছে। য’ত অভিনেতাগৰাকীয়ে দ্বীপজ্যোতি কেওটৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। দুয়োকে অত্যন্ত হতাশগ্ৰস্ত যেন দেখা গৈছে! অৱশ্যে এয়া শ্বুটিঙৰ ফটোও হ’ব পাৰে! ফটোখনৰ কেপচনত সিদ্ধাৰ্থ শৰ্মাই লিখিছে এটা বিশেষ কথা।
ফটোখনৰ কেপচনত সিদ্ধাৰ্থ শৰ্মাই লিখিছে, ‘‘আমাৰ ভুলৰ কাৰণেই বন্ধ হ’ব চাগৈ ‘বিয়লিৰ বৃন্দাবন’। ‘বিয়লিৰ বৃন্দাবন’ হৈছে দুয়োগৰাকী অভিনেতাই বৰ্তমান কৰি থকা ধাৰাবাহিকখনৰ নাম। ‘বেহাৰবাৰী আউটপোষ্ট’ এৰাৰ পিছত এই ধাৰাবাহিকখনত বৰ্তমান অভিনয় কৰি আছে দুয়োগৰাকী অভিনেতাই।

কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ এই পোষ্টটোৰ উদ্দেশ্য কি? এয়া সঁচাকৈ অনুশোচনাত দগ্ধ হৈ লিখা কথা, নে প্ৰচাৰৰ এক কৌশল? দৰ্শকক বৰ্তমান অভিনয় কৰি থকা ধাৰাবাহিকখনৰ প্ৰতি আকৰ্ষিত কৰাৰ কৌশল নেকি এয়া?

যদিহে অনুশোচনাত লিখিছে, তেন্তে ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি অনুতপ্ত নেকি সিদ্ধাৰ্থ শৰ্মা? পুনৰ ঘূৰি যাব নেকি ‘বেহাৰবাৰী আউটপোষ্ট’লৈ। পুনৰ কেকে-মোহন হৈ অভিনয় কৰিব নেকি দুয়োগৰাকী জনপ্ৰিয় অভিনেতাই? সেই কথা অৱশ্যে এতিয়ালৈ স্পষ্ট হোৱা নাই।

Exit mobile version