Site icon Guwahati Times

কৃষি আইন বাতিল নকৰিলে দেশজুৰি হ’ব প্ৰতিবাদঃ মমতা বেনাৰ্জী

দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। এই প্ৰতিবাদক সমৰ্থন জনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। মমতা বেনাৰ্জীয়ে কয় যে, যদি নতুন কৃষি আইন বাতিল কৰা নহয়, তেন্তে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

মমতা বেনাৰ্জীয়ে কৃষি আইনৰ বিৰোধিতা কৰি আহিছে। তেওঁ শেহতীয়াকৈ দাবী কৰিছিল যে, কৃষি আইনক লৈ বিজেপিক কোনো ৰাজনৈতিক দলে সমৰ্থন জনোৱা নাই। তাৰপাছতো বিজেপিয়ে এই আইন বলবৎ কৰিব বিচাৰে। উল্লেখ্য যে, যোৱা প্ৰায় ৮ দিন ধৰি দিল্লীৰ সীমান্তৱৰ্তী এলেকাত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে।

Exit mobile version