Site icon Guwahati Times

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পলায়ন মোমায়েকক হত্যাৰ অভিযুক্ত প্ৰকাশ বৰ্মন…

কোকৰাঝাৰ জিলা কাৰাগাৰ পৰা যোৱা সোমবাৰে নিশা এগৰাকী কয়দীয়ে পলায়ন কৰা ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পলায়ন কৰা কয়দী গৰাকীৰ নাম প্ৰকাশ বৰ্মন ৷ কোকৰাঝাৰৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছাৰা চতুৰ্থ খণ্ডৰ প্ৰকাশ বৰ্মনে নিজৰ মোমায়েকক হত্যা কৰা অভিযুক্ত হৈ যোৱা মাৰ্চৰ পৰা কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল । কোকৰাঝাৰ জিলা কাৰাগাৰাৰ পৰা প্ৰকাশ বৰ্মন কেনেকৈ পলায়ন কৰিলে সেয়া লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছাৰা চতুৰ্থ খণ্ডত ১২ মাৰ্চৰ নিশা প্ৰকাশ বৰ্মনে নিজৰ মোমায়েক খগেন বৰ্মনক (৩০) হত্যা কৰি মৃত্যদেহ ঘৰৰ গোহালীত পুতি থৈছিল । উক্ত হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে প্ৰকাশ বৰ্মন পলাতক হৈ আছিল ৷ পিছত ছালাকাটি আৰু কোকৰাঝাৰ আৰক্ষীয়ে গুৱাহাটীৰ বেলতলাত এঠাইত আত্মগোপন কৰি থকা অৱস্থাত ১৯ মাৰ্চত প্ৰকাশ বৰ্মনক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ লৈ লৈ আনে ৷

প্ৰকাশ বৰ্মনৰ স্বীকাৰোক্তি তথা দেখুৱাই দিয়া স্থান ঘৰৰ গোহালী ঘৰত পুতি থোৱা অৱস্থাত আক্ষীয়ে খগেন বৰ্মনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত আৰক্ষীয়ে কোকৰাঝাৰ আদালতত হাজিৰ কৰোৱাত আদলতে প্ৰকাশ বৰ্মনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ তেতিয়াৰে পৰা প্ৰকাশ বৰ্মন কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল ৷ কিন্তু যোৱা সোমবাৰে নিশা ৰহস্যজনকভাৱে প্ৰকাশ বৰ্মনে কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰে ৷ এতিয়ালৈকে সন্ধান নাই প্ৰকাশৰ।

Exit mobile version