Site icon Guwahati Times

কোন ৰাশিৰ জাতক–জাতিকাৰ কি আছে আজিৰ দিনটোৰ ভাগ্যফল

ভাৰতীয় মতে, ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।

মেষ : টকাৰ কথা ভাবি নিজৰ স্বাস্থ্যৰ সৈতে আপোচ কৰিলে নহ’ব।

বৃষ : পৰিস্থিতিৰ ওফৰত নিয়ন্ত্ৰণ ৰক্ষাৰ চেষ্টা কামত নাহিব, মগজু শীতল কৰি ৰাখক আজিৰ দিনটোত।

মিথুন : আনৰ আৰু নিজৰ আবেগৰ দিশটোৰ ওপৰত দৃষ্টি ৰাখি সংযত আচৰণ কৰিব লাগিব।

কৰ্কট : আনে দেখুওৱা পথেৰে কাম নহ’ব, বৰং নিজৰ পথ নিজে উলিওৱাৰ চেষ্টা কৰক।

সিংহ : প্ৰমাণ পোৱাৰ পূৰ্বেই কোনো কথাক লৈ নেতিবাচক চিন্তা কৰিলে সমস্যা বাঢ়িব।

কন্যা : জানি–বুজি মনৰ কথা কওক, অন্যথা বিপদত পৰিব পাৰে।

তুলা : ভাঙি নপৰিব, কাংক্ষিত সাফল্য বেছি দূৰ নহয় সেয়া মনত ৰাখক।

বৃশ্চিক : অতিৰিক্ত আবেগ বা স্পৰ্শকাতৰতাই সমস্যা বৃদ্ধি কৰিব, সেয়ে নিৰপেক্ষ হৈ থাকক।

ধনু : সম্পৰ্কৰ ক্ষেত্ৰত জানি–বুজি পদক্ষেপ গ্ৰহণ কৰক, অন্যথা অশান্তি বাঢ়িব।

মকৰ : প্ৰতিকূলতা সাময়িক, এই কথা মনত ৰাখি ৰসবোধৰ সহায়ত মন ভালে ৰাখিব লাগিব।

কুম্ভ : ভাবি–চিন্তি মন্তব্য কৰক আজিৰ দিনটোত। অন্যথা ই মন বেয়া হোৱাৰ কাৰণ হৈ পৰিব।

মীন : মুখ বন্ধ কৰি নাথাকিব, স্পষ্ট কথা নক’লে পৰিস্থিতি আৰু বেয়া হ’ব

Exit mobile version