কোৰোনাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমন : গ্ৰীচত পুনৰ লকডাউন,ইটালীত নৈশ সান্ধ্য আইন ঘোষনা

1 min read

কোৰোনাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমন বৃদ্ধি পোৱাৰ ফলত বিভিন্ন দেশে ইতিমধ্যে পুনৰ লকডাউন ঘোষনা কৰিছে । ইউৰোপৰ দেশ সমূহত কোৰোনাৰ সংক্ৰমন বৃদ্ধি পোৱাৰ লগে লগে লকডাউনৰ লগতে অন্যান্য নীতি নিয়মৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে ।

শেহতীয়াকৈ ইংলেণ্ডৰ পিছত গ্ৰীচত লকডাউন ঘোষনা কৰা হৈছে । গ্ৰীচৰ প্ৰধানমন্ত্ৰী কুৰিয়াকোছ মিটছোটাকিছে দেশত পুনৰ লকডাউন ঘোষনা কৰে । ইপিনে গ্ৰীচৰ লগতে ইটালীতো বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সংক্ৰমন । যাৰ ফলত এই সংক্ৰমন দেশখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে । নিশা ১০ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ এই নৈশ সান্ধ্য আইন জাৰি কৰিছে । ডিচেম্বৰ ৩ তাৰিখলৈ এই সান্ধ্য আইন বলবৎ কৰা হৈছে ।

Source: Asomiyapratidin

 

You May Also Like

More From Author