Site icon Guwahati Times

কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ প্ৰতিকুল বতৰকো নেওচি হিলদ’ল ভাঙি ওলাই আহিল ৰাইজ

কৰিশ্মাৰ নাগাৰা নাম পৰিবেশনৰ সময়ত জনসমূদ্ৰত পৰিণত হয় পূজাস্থলী। যিমানে বিতৰ্ক হৈ আছে সিমানেই যেন কৰিশ্মা নাথৰ জনপ্ৰিয়তা বঢ়ি গৈয়ে আছে। ৰাইজৰ অনুৰোধত কৰিশ্মাই এটাৰ পিছত আনটো নাম পৰিৱেশন কৰি গ’ল। কৰিশ্মা নাথৰ পিছতে মৰমী শইকীয়া আৰু সংগীবৃন্দই নাগাৰা নাম পৰিৱেশন কৰে।

উল্লেখ্য যে. সদৌ অসম নাগাৰা নাম সংঘই কৰিশ্মা নাথক একাষৰীয়া কৰাৰ লগতে কৰিশ্মাই নাগাৰা নাম পৰিৱেশন কৰা অনুষ্ঠানত আন শিল্পীয়ে নাগাৰা নাম পৰিৱেশন নকৰে বুলি ঘোষণা কৰাৰ পিছতে বৃহস্পতিবাৰে পশ্চিম নলবাৰীৰ নতুন খেলুৱাত কৰিশ্মা নাথৰ পিছতে একে অনুষ্ঠানত মৰমী শইকীয়াই নাগাৰা নাম পৰিৱেশন কৰে।

কৰিশ্মা আৰু মৰমীয়ে একেলগে নাগাৰা নাম পৰিৱেশন কৰা কাৰ্যই সদৌ অসম নাগাৰা নাম সংঘৰ কথা মতে শিল্পী সকল নচলে বুলি একপ্ৰকাৰ প্ৰমাণ কৰি দিলে।

Exit mobile version