Site icon Guwahati Times

‘কৰিশ্মা মৰি যাব কিন্তু গামোচাক অপমান কৰাৰ কথা ভাবিব নোৱাৰো

শেহতীয়াকৈ নাগাৰা নামৰ উদীয়মান শিল্পী কৰিশ্মা নাথে গামোচাক অপমান কৰা অভিযোগ উঠিছে। মাজুলীৰ এক অনুষ্ঠানত কৰিশ্মাই গামোচাক ভৰিৰে মোহাৰি চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছে। এই ঘটনাক লৈ ছচিয়েল মিডিয়াতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পিছতে কৰিশ্মা নাথে ছচিয়েল মিডিয়াত এক পোষ্ট কৰি এই সন্দৰ্ভত দিছে স্পষ্টীকৰণ। কৰিশ্মা নাথে এই ঘটনা সন্দৰ্ভত লিখিছে, ‘‘মোৰ নাম চলি থকা সময়ত গামোচাখন হঠাতে মোৰ চকুত পৰিল। সেয়ে ম‌ই গামোচাখনত মোৰ ভৰিৰ গচক পৰে বুলি ম‌ই তেনেকৈ গামোচাখন আঁতৰাইহে দিছিলো। মোৰ দ্বাৰা গামোচাৰ অপমান অসম্ভৱ। ম‌ই এজনী খাটি অসমীয়া ছোৱালী। গামোচা আমি নিজে তাঁতৰ শালত বৈ উলিয়াওঁ। গামোচা আমাৰ জাতীয় স্বাভিমান। কৰিশ্মা মৰি যাব কেতিয়াও গামোচাক অপমান কৰাৰ কথা ভাবিব নোৱাৰো। তথাপি মোৰ দ্বাৰা অনিচ্ছাকৃতভাৱে হোৱা ভুলৰ বাবে ম‌ই অসমী আইৰ ওচৰত ক্ষমা বিচাৰিছো।’’ অৱশ্যে এই পোষ্টটো পিছত আঁতৰাই দিয়া পৰিলক্ষিত হয়।

আনহাতে, এক ভিডিঅ’যোগে এই সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে কৰিশ্মাই। ভিডিঅ’টোত কৰিশ্মাই কয়, ‘‘মোৰ ভিডিঅ’টো চালে গম পাব। মই ভৰিৰে ম’বাইলটো আঁতৰাই দিছিলো। তেতিয়া কাষত থকা গামোচাখন ভৰিত লাগিল। অসমীয়াৰ গামোচাখন মই কিয় ভৰিৰে মোহাৰিম? মই তেনেকুৱা একো কৰা নাছিলো। গামোচাখনত ভৰিখন লাগিছে, মই স্বীকাৰ কৰিছো। যদি আপোনালোকে সেয়া গামোচাখনক অপমান কৰা বুলি ভাবিছে ক্ষমা বিচাৰিছো। মানুহ মাত্ৰে ভুল হয়ে। ভুল হোৱাটো স্বাভাৱিক। গতিকে আপোনালোকে মোক আৰু মানসিক অশান্তি নিদিব, ময়ো ভাগি পৰিম। সকলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। মই তেনেকুৱা একো কৰা নাই। মই অসমীয়া জাতিটোক ভাল পাওঁ। কিবা যদি ভুল–ভ্ৰান্তি হৈছে নিজৰ ছোৱালী বুলি শুধৰাই লওক। কোনেও যাতে এইখিনি বেয়া ভাবি নলয়।’’

Exit mobile version