Site icon Guwahati Times

খাদ্যৰ সৈতে নিয়মীয়াকৈ পিয়াঁজ খাই নেকি? জানেনে ইয়াৰ ফলত শৰীৰত কি হয়?

অকল অসমতে নহয় সমগ্ৰ দেশতে খাদ্যৰ লগত কেঁচা পিয়াঁজ খায় মানুহে। কিন্তু কেঁচা পিঁয়াজ খোৱাটো স্বাস্থ্যসন্মত জানো? ইয়াৰ ফলত শৰীৰৰ কি হয়? পুষ্টিবিদসকলে কি কয় জানো আহকঃ

কেঁচা পিঁয়াজত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু ফাইবাৰ থাকে। পিঁয়াজত কোৱাৰচেটিন আৰু জৈৱিক চালফাৰ থাকে। শৰীৰত ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ফলত ডায়েবেটিছ ৰোগীয়েও পিঁয়াজ খাব পাৰে।

পিঁয়াজৰ গোন্ধটো অলপ জোৰদাৰ হয় কাৰণ ইয়াত জৈৱিক চালফাৰ থাকে। কিন্তু পিঁয়াজে তেজত থকা বেয়া কলেষ্টেৰল হ্ৰাস কৰাত মুখ্য ভূমিকা পালন কৰে। ফলত হৃদৰোগ আৰু হাৰ্ট এটেকৰ সম্ভাৱনাও কমি যায়।

পিঁয়াজত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন ছয়, পটাছিয়াম, মেংগানিজ, কপাৰ পোৱা যায়। সুস্বাস্থ্য বজাই ৰখাৰ বাবে এই উপাদানসমূহ অতি গুৰুত্বপূৰ্ণ। নিয়মিতভাৱে পিঁয়াজ খালে স্নায়ুৰ ৰোগৰ সম্ভাৱনা কম হয়।

পিঁয়াজে শৰীৰত বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ পৰাও ৰক্ষা কৰে। ইয়াত থকা উপাদানসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

কিন্তু কেঁচা পিঁয়াজ খোৱাৰ অসুবিধাও আছে। যিহেতু পিঁয়াজত প্ৰচুৰ পৰিমাণে গ্লুক’জ, ফ্ৰুক্ট’জ আৰু ফাইবাৰ থাকে, গতিকে পিঁয়াজ ভালদৰে হজম নহ’লে এচিডিটিৰ সমস্যা হ’ব পাৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Exit mobile version