Site icon Guwahati Times

খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াককো অনা হ’ল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ, আজি আৰু ১১ জন খালিস্তানীক অনাৰ সম্ভাৱনা

পঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰলৈ পুনৰ অনা হৈছে ৱাৰিছ পঞ্জাৱ দে’ৰ প্ৰমুখ্য অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙক । হৰজিৎ সিঙৰ সৈতে ব্যক্তিগত গাড়ীচালকজনকো অনাৰ খবৰ এতিয়াও নিশ্চিত হোৱা নাই। গুৱাহাটীৰ পৰা স্থলপথেৰে ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ কঠোৰ নিৰাপত্তাৰ মাজত অনা হয় হৰজিৎ সিঙক। হৰজিৎ সিঙৰ লগত পঞ্জাৱ আৰক্ষীৰ এটা দলো আহিছে।

পঞ্জাৱ আৰক্ষীৰ আগত আত্মসমর্পণ কৰাৰ পাছতে হৰজিৎ সিঙক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে পঞ্জাৱ আৰক্ষীয়ে । বিশেষ বিমানৰ জৰিয়তে ডিব্ৰুগড় অভিমুখে অনা হৈছিল যদিও প্ৰতিকুল বতৰৰ বাবে উক্ত বিমানখন গুৱাহাটীত অৱতৰণ কৰিব লগা হৈছিল। গুৱাহাটীৰ পৰা স্থলপথেৰে বিশাল কনভয়ৰ জৰিয়তে ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ অনা হয় খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙক ।
খবৰ অনুসৰি, আজিৰ ভিতৰত অমৃতপাল সিঙৰ আন কেইবাগৰাকী সহযোগীক ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ বিশেষ বিমানেৰে আনিব বুলি জানিব পৰা গৈছে।

Exit mobile version