Site icon Guwahati Times

খেল টকাৰ ! জীৱিত ব্যক্তি হ’ল মৃত…

চৰকাৰী গাওঁবুঢ়াই সংঘটিত কৰিলে দুৰ্নীতি। জীৱিত ২ ব্যক্তিক মৃত সজাই প্ৰমাণ পত্ৰ দিলে চৰকাৰী লাটগাওঁবুঢ়াই। এই ঘটনা সংঘটিত হৈছে গহপুৰত।

ঘটনাৰ বিৱৰণী অনুসৰি গহপুৰ মহকুমাৰ, গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙাইগাঁৱত দুই ভাতৃ বিজয় চন্দ্ৰ বৰা আৰু লক্ষি কান্ত বৰাৰ নামত থকা মাটিৰ ২ কঠা ৬ লোচা মাটি ইন্দ্ৰধনু গেছ গ্ৰীড লিমিটেডৰ পাইপ লাইন স্থাপনৰ দিব লগা হৈছিল । কিন্তু মাটিৰ ক্ষতিপূৰণ বিচাৰি যাওতে বৰ্তমান গুৱাহাটীৰ বেলতলাৰ নিবাসী বিজয় চন্দ্ৰ বৰাই যেতিয়া ইন্দ্ৰ ধনুশ গ্ৰিড লিমিটেডত বিচাৰ খোচাৰ কৰে তেতিয়াই ভয়ানক তথ্য ফাদিল হয় ।

গহপুৰৰ চেঙাইগাৱৰ(বড়িগাৱৰ) গাওঁবুঢ়া পিন্টু ফুকনে জীৱিত দুই ভাতৃ বিজয় চন্দ্ৰ বৰা আৰু লক্ষীকান্ত বৰাক মৃত সজাই প্ৰমান পত্ৰ দিয়ে । জানিব পৰা মতে ৪৩ নং ম্যাদি পট্টাৰ ১৩৮ নং ডাগৰ মাটিৰ পট্টাদাৰসকল আছিল বিজয় চন্দ্ৰ বৰা , লক্ষ্মীকান্ত বৰা , নলিনী শইকিয়া, ভূপেন শইকীয়া, কমল ভূঞা ।

কিন্তু মাটিৰ ক্ষতি পূৰণ ৫ জনক নিদি দুজনক মৃত সজাই নলিনী শইকিয়া, ভূপেন শইকীয়া, কমল ভূঞাক পাইপ লাইনৰ ধন আদায় দিবলৈ জালিয়াতি কৰিছিল গাওঁবুঢ়া পিন্টু ফুকনে। এই বিষয়ে বিজয় চন্দ্ৰ বৰা আৰু লক্ষীকান্ত বৰাই গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানেও গাওঁবুঢ়া পিন্টু ফুকন পলাতক হৈ আছে ।

সেয়ে উপায় নোহোৱাত সাংবাদিকৰ কাষ চাপিছে ভুক্তভোগী দুই ব্যক্তিয়ে। তেওঁলোকে দাবী উত্থাপন কৰিছে চৰকাৰী গাওঁবুঢ়া হৈয়ো দুৰ্নীতিত লিপ্ত হোৱা পিন্টু ফুকনক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিয়ক।

Exit mobile version